বন্ধু-বান্ধৱীসকল, আপোনাক আকৌ এবাৰ আমাৰ এই ব্লগ ৱেবছাইটত স্বাগতম জনাইছে। মই আশা কৰোঁ আপোনালোক সকলোৱে ভাল আৰু সুস্থ আছে। আজিৰ এই লিখনিৰ যোগেদি আমি জানিবলৈ গৈ আছোঁ, ব্লগিং (Blogging) আপুনি কেনেকৈ আৰম্ভ কৰিব? আৰু ইয়াৰ লগতে ব্লগিং কি?, ব্লগিং কৰি কেনেকৈ টকা উপাৰ্জন কৰিব?, ইত্যাদি।
যদিও ইণ্টাৰনেটত অনলাইনৰ (গুগলৰ) পৰা টকা উপাৰ্জন কৰাৰ বহুতো উপায় আছে। কিন্তু টকা উপাৰ্জন কৰাৰ আটাইতকৈ সুৰক্ষিত আৰু জনপ্ৰিয় উপায় হৈছে ব্লগিং। আজিৰ এই যুগ ডিজিটেল যুগত পৰিণত হৈছে আৰু এই ডিজিটেল যুগত ব্লগিংক টকা উপাৰ্জনৰ এটা ভাল উপায় হিচাপে বুলিও গণ্য কৰা হয়।
বৰ্তমান সময়ত অমিত তিৱাৰী, হৰ্ষ আগৰৱালা, পৱন আগৰৱালা আৰু সতীশ ছাৰৰ দৰে বহুতো সফল ব্লগাৰ আছে যিয়ে কেৱল ব্লগিংৰ পৰাই মাহত লাখ লাখ টকা উপাৰ্জন কৰি আছে। আপুনি এই ব্লগিংক এটা ব্যৱসায় হিচাপেও চাব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ইয়াক আৰম্ভ কৰিবলৈ কোনো উচ্চ ডিগ্ৰীৰ প্ৰয়োজন নহয়, কিন্তু আপুনি দশম শ্ৰেণীলৈকে পঢ়িলেই আৰু লগতে আপোনাৰ ইণ্টাৰনেটৰ বিষয়ে অলপ ধাৰণা বা জ্ঞান থাকিলে ব্লগিং আৰম্ভ কৰিব পাৰে।
যদি আমি ভাৰতৰ বিষয়ে কথা কওঁ, ইয়াত মানুহে আগতে ব্লগিংৰ বিষয়ে বেছি জনা নাছিল, কিন্তু এতিয়া প্ৰতিদিনে ভাৰতত লাখ লাখ মানুহে ব্লগিংত ভৰি দি আছে অৰ্থাৎ প্ৰতিদিনে বহুতো নতুন নতুন ব্লগ বনাই আছে। কিন্তু ইয়াৰ ভিতৰত কেৱল কেইটামান ব্লগহে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মুখ্য কাৰণ হৈছে মানুহে ব্লগিং কেনেকৈ আৰম্ভ কৰিব এই বিষয়ে ভালদৰে নাজানে।
তেওঁলোকে এই বিষয়ত খুব কম জ্ঞান আছে আৰু সেই বাবেই তেওঁলোকে ব্লগিংত সফল নহয়। বন্ধু-বান্ধৱীসকল যদি আপুনি ব্লগিং আৰম্ভ কৰিব বিচাৰে আৰু ইয়াক কেনেদৰে আৰম্ভ কৰিব লাগে এই বিষয়ে নাজানে তেন্তে আপুনি এই পোষ্টটো শেষলৈকে পঢ়িব পাৰে। কিয়নো ইয়াত আপুনি ব্লগিংৰ বিষয়ে A to Z বিস্তাৰিত তথ্য লাভ কৰিবলৈ পাব।
ব্লগিং কি? (What is blogging in Assamese?)
ব্লগ বা ৱেবছাইটৰ জৰিয়তে এটা বিষয়ৰ ওপৰত আধাৰিত তথ্য বা জ্ঞান অনলাইনৰ মাধ্যমত মানুহৰ মাজত প্ৰচাৰ কৰাকেই ব্লগিং বুলি কোৱা হয়। ব্লগিং ৰ অৰ্থ হৈছে নিজেই এটা ব্লগ বা ৱেবছাইট বনাই, ইয়াত তথ্য লিখা মানুহৰ মাজত প্ৰচাৰ কৰা। যাতে মানুহে এই তথ্য অনলাইনত লাভ কৰিব পাৰে।
লাখ লাখ মানুহে ব্লগিংৰ জৰিয়তে আপোনাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। আপুনি আপোনাৰ ব্লগত কিবা এটাৰ বিষয়ৰ ওপৰত বিতংভাৱে প্ৰবন্ধ এটা লিখি ইয়াক প্ৰকাশ কৰিব লাগিব বা শ্বেয়াৰ কৰিব লাগিব। ইয়াৰ পিছত মানুহে আপোনাৰ প্ৰবন্ধটো অনলাইনত বিচাৰি পাব আৰু ইয়াক পঢ়িবলৈ পাব।
ইয়াৰ মাজতেই যদি আপুনি আপোনাৰ ব্লগ ৱেবছাইটত Google AdSense Ads বা আন যিকোনো Ads নেটৱৰ্কৰ বিজ্ঞাপন লগাইছে তেন্তে আপুনিও ইয়াৰ পৰা ভাল পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে। কিয়নো Google AdSense হৈছে ব্লগিংৰ পৰা ধন উপাৰ্জন কৰাৰ আটাইতকৈ জনপ্ৰিয় উপায়। ইয়াৰ বিষয়ে আমি আগলৈ কথা পাতিম।
ব্লগিং (Blogging) আপুনি কেনেকৈ আৰম্ভ কৰিব?
আমি সকলোৱেই জানো যে, জীৱনত কঠোৰ পৰিশ্ৰম অবিহনে সফলতা অৰ্জন কৰিব নোৱাৰি। ঠিক একেদৰেই আপুনি ব্লগিংত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কিয়নো ব্লগিং হৈছে এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। ইয়াত কেৱল ধৈৰ্য্যসহকাৰে কাম কৰা ব্যক্তি এজনেই সফল অৰ্জন কৰিব পাৰে।
ব্লগিংত হয়তো এনেও হ’ব পাৰে, আপুনি আজিৰ পৰা কাম কৰা আৰম্ভ কৰিছে, কিন্তু আপোনাৰ টকা উপাৰ্জন আজিৰ পৰা ১ বা ২ বছৰৰ পিছতেও হ’ব পাৰে। এইটো সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, আপোনাৰ এই বিষয়ে কিমান জ্ঞান আছে আৰু আপুনি এই কামটো কেনেকৈ কৰি আছে। যদি আপুনি সঠিক ধৰণে কাম কৰে তেন্তে এনে ক্ষেত্ৰত আপুনি ৬ ৰ পৰা ১২ মাহৰ ভিতৰতেই ব্লগিংৰ পৰা টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব।
ব্লগিংত আপুনি মাত্ৰ ১ দিনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি পিছদিনা টকা উপাৰ্জন কৰাৰ আশা কৰিলে নহ’ব। কোনো কোনো ব্যক্তিৰ ক্ষেত্ৰত এনেও হৈছে, যিয়ে বছৰধৰি কাম কৰি ১ টকা উপাৰ্জন কৰিব পৰা নাই। কিন্তু যিয়েই নহওক ইয়াৰ মাজতে আপুনি আপোনাৰ কাম ধৈৰ্য সহকাৰে কৰি যাব লাগিব। কিয়নো কঠোৰ পৰিশ্ৰম কৰিলেই সফলতা অৰ্জন কৰিব পাৰি।
ব্লগিং আৰম্ভ কৰাৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ বিষয় মনত ৰাখিব লাগিব। এই গুৰুত্বপূৰ্ণ বিষয় বা পদ্ধতিবোৰ তলত আলোচনা কৰা হ’ল-
Blog ৰ বাবে এটা Niche (Topic) কেনেকৈ বাছনি কৰিব?
দৰাচলতে, ব্লগৰ বিষয়টোক Niche বুলি কোৱা হয়। আপুনি নিশ্চয় বহুতো ৱেবছাইট দেখিছে য’ত আপোনাক এটা নিৰ্দিষ্ট Niche সম্পৰ্কীয় তথ্য দিয়ে। বিত্তীয়, মনোৰঞ্জন, শিক্ষা, প্ৰযুক্তি, স্বাস্থ্য আদি সকলো বোৰ এক একোটাকৈ Niche। উদাহৰণস্বৰূপে আপুনি মোৰ এই techinassamese.com ৱেবছাইটটো ল’ব পাৰে, য’ত আমি প্ৰযুক্তি সম্পৰ্কীয় তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰো।
আপুনি আপোনাৰ পছন্দৰ নিচ বা বিষয় এটা বাছনি কৰি লৈ আপোনাৰ নিজৰ ব্লগ এটা আৰম্ভ কৰিব পাৰে।কিন্তু বন্ধু-বান্ধৱীসকল, মনত ৰাখিব যে, আপুনি যিটো Niche বা বিষয় বাছনি কৰি লৈছে, এই বিষয়ৰ ওপৰত আপোনাৰ আগ্ৰহী থাকিব লাগিব। যাতে কাম কৰাৰ লগতে ইয়াৰ পৰা আনন্দ উপভোগ কৰিব পাৰে, তেতিয়া হে আপোনাৰ ব্লগিং কেৰিয়াৰ সাফল্য লাভ কৰিব।
যদি এজন ব্যক্তিয়ে ব্লগিংৰ পৰা মাহত লাখ লাখ টকা উপাৰ্জন কৰি আছে আৰু আপুনি সেইটো দেখি তেওঁৰ Niche লৈ কাম কৰিবলৈ যদি ভাবি আছে তেনেহলে আপুনি এয়া ভুল কৰিব। যিহেতু সেই ব্যক্তিজনে তেওঁৰ পছন্দৰ Niche বাছনি কৰি ব্লগিং কৰি আছে সেই বাবেই তেওঁ টকা উপাৰ্জন কৰি আছে। কিন্তু আপুনি তেওঁক দেখি পইচাৰ বাবে ব্লগিং আৰম্ভ নকৰিব।
এনে ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব নোৱাৰিৱ। গতিকে প্ৰথমে আপুনি এটা পছন্দৰ বিষয় বাছনি কৰক আৰু ব্লগিং আৰম্ভ কৰক। যদি আপোনাৰ মনত প্ৰশ্ন আহে যে মই আগ্ৰহী Niche ত ভাল টকা নাই, মই আপোনাক কওঁ যে প্ৰতিটো নিচত ভাল ধন আছে, কেৱল মাত্ৰ আপুনি ভালদৰে কাম কৰাৰ প্ৰয়োজন আছে।
Blog ৰ বাবে কেনেকৈ ভাষা বাছনি কৰিব?
আপুনি নিশ্চয় ইন্টাৰনেটত বহুতো ইংৰাজী ব্লগ দেখিছে আৰু লগতে এইটোও জানে যে ইংৰাজী ভাষাৰ ব্লগৰ তুলনাত হিন্দী, অসমীয়া, বাংলা আদি ভাষাৰ ব্লগত উপাৰ্জন অতি কম হয়। গতিকে এনে ক্ষেত্ৰত আপুনিও ইংৰাজীত ভাষাত ব্লগিং আৰম্ভ কৰিবলৈ বিচাৰিব। এনে বহুতো ব্যক্তি আছে যিয়ে ভাবিব পাৰে যে ইংৰাজী ভাষাৰ ব্লগত অধিক উপাৰ্জন হয়, সেয়েহে মই ইংৰাজীত ব্লগিং আৰম্ভ কৰিম।
যদি আপুনি ইংৰাজীত ভাল তেন্তে এই ক্ষেত্ৰত আপুনি ইংৰাজীত ব্লগিং আৰম্ভ কৰিব পাৰে আৰু যদি ইংৰাজীত ভাল নহয় তেনেহলে other language বাছনি কৰিব। যদি আপুনি ভাবি আছে যে মই গুগল ট্ৰান্সলেটৰ ব্যৱহাৰ কৰি ইংৰাজী ভাষাৰ পৰা হিন্দী, বাংলা, অসমীয়া আদি ভাষালৈ অনুবাদ কৰি ব্লগিং আৰম্ভ কৰিম তেনেহলে এই ক্ষেত্ৰত আপোনাৰ ব্লগিং সঠিক বাবে নহ’ব।
আপুনি যিটো ভাষা ভাল পায় সেই ভাষাত ব্লগিং আৰম্ভ কৰক আৰু ই ইংৰাজী হওঁক বা হিন্দী বা অসমীয়াই হওঁক। যদিও ইংৰাজী ব্লগে অধিক উপাৰ্জন দিয়ে তথাপিও বৰ্তমান সময়ত হিন্দী, অসমীয়া, বাংলা আদি ভাষাত ব্লগিং কৰা লোকসকল ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। যদি আপুনি হিন্দী ভাষা জানে তেন্তে ইয়াক বাছনি কৰি ল’ব পাৰে কিয়নো এই মুহূৰ্তত ভাৰতত হিন্দী ব্লগাৰৰ সংখ্যা বহুত কম।
গুগলেও এতিয়া হিন্দী ভাষাসমৰ্থন কৰিবলৈ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত, যদি আপুনি হিন্দী বা অসমীয়াত ব্লগিং আৰম্ভ কৰে তেন্তে আপুনি অদূৰ ভৱিষ্যতে যথেষ্ট ভাল টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। কিয়নো ভৱিষ্যতে হয়তো অসমীয়া ভাষাক Google য়ে সমৰ্থন কৰিব পাৰে।
Blog কেনেকৈ বনাব? (How to create a Blog Website)
বন্ধু-বান্ধৱীসকল, আজিৰ সময়ত আপুনি ইণ্টাৰনেটত ব্লগ সৃষ্টি কৰাৰ হাজাৰ হাজাৰ উপায় বিচাৰি পাব। য’ত আপুনি কেইটামান পদক্ষেপ অনুসৰণ কৰি এটা ভাল ব্লগ বনাই ল’ব পাৰে। কিন্তু আচল কথা হ’ল আপুনি ক’ত ব্লগ বনাব।
ব্লগিং আৰম্ভ কৰিবলৈ ২ টা প্লেটফৰ্ম আটাইতকৈ জনপ্ৰিয় আৰু নিৰ্ভৰযোগ্য। যাৰ ভিতৰত এটা হৈছে ব্লগাৰ (Blogger) আৰু আনটো হৈছে ৱৰ্ডপ্ৰেছ (WordPress)। কিন্তু ব্লগাৰ হৈছে ফ্ৰী প্লেটফৰ্ম, আনহাতে ৱৰ্ডপ্ৰেছ হৈছে প্ৰিমিয়াম প্লেটফৰ্ম।
যদি আপোনাৰ মনত প্ৰশ্ন উত্থাপিত হয় যে ব্লগাৰ কিয় সম্পূৰ্ণৰূপে বিনামূলীয়া প্লেটফৰ্ম আৰু WordPress কিয় প্ৰিমিয়াম, গতিকে আহক উত্তৰটো জানি লওঁ।
ব্লগাৰ (Blogger): ব্লগাৰ হৈছে গুগলৰ এটা প্লেটফৰ্ম। এইটো গুগলে আপোনাৰ বাবে আৰু মোৰ দৰে ব্লগাৰসকলৰ বাবে বনাইছে। ই সম্পূৰ্ণৰূপে বিনামূলীয়া আৰু সুৰক্ষিত। ইয়াত আপুনি অলপ সময়ৰ ভিতৰতে আপোনাৰ বাবে এটা ব্লগ সৃষ্টি কৰিব পাৰে।
কিন্তু ই বেছি আপোনাক সুবিধা প্ৰদান নকৰে। ইয়াত আপুনি কেৱল কেইটামান সুবিধা হে পাব যিয়ে আপোনাক ব্লগ সৃষ্টি কৰাত সহায় কৰিব। যিসকল ব্যক্তিৰ হোষ্টিং (Hosting) ক্ৰয় কৰিবলৈ টকা নাই তেওঁলোকেহে ইয়াক ব্যৱহাৰ কৰিব পাৰে। কিন্তু এনে নহয় যে ই বেছি সুবিধা আগবঢ়াব নোৱাৰে, সেয়েহে আপুনি ৱৰ্ডপ্ৰেছত এটা ব্লগ বনাই লোৱা উচিত।
ব্লগাৰে আপোনাক দিয়া সকলো সুবিধা ব্যৱহাৰ কৰি আপুনি এটা ধুনীয়া আৰু ভাল ডিজাইনৰ ব্লগ বনাই ল’ব পাৰে আৰু লগতে ইয়াক SEO কৰি আপোনাৰ ব্লগত পোষ্ট কৰি অতি সহজে ইয়াৰ পৰা টকা উপাৰ্জন কৰিব পাৰে।
ৱৰ্ডপ্ৰেছ (WordPress): আপুনি ইয়াক বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰ বাবে আপুনি টকা invest কৰিব লাগিব। কাৰণ ইয়াৰ বাবে আপুনি এটা Domain Name আৰু এটা ভাল Hosting ক্ৰয় কৰিব লাগিব।
SiteCountry, Hostinger আদি Hosting Platform ৰ আপুনি অতি কম দামত ভাল হোষ্টিং ক্ৰয় কৰি ল’ব পাৰে। Hostinger ত আপোনাক H-Panel দিয়া হ’ব আৰু SiteCountry ত আপোনাক C-Panel দিয়া হ’ব য’ত আপুনি WordPress Install কৰিব পাৰে।
WordPress আপোনাক এনে সুবিধা প্ৰদান কৰক যিয়ে আপোনাক কেই মিনিটৰ ভিতৰত আপোনাৰ ব্লগ সৃষ্টি কৰিবলৈ অনুমতি প্ৰদান কৰে। ইয়াৰ লগতে আপোনাক বহুতো গুৰুত্বপূৰ্ণ SEO Plugin প্ৰদান কৰিব, যিবোৰে আপোনাৰ ব্লগ ৱেবছাইট Rank কৰাত সহায় কৰে।
Domain Name আৰু Hosting কেনেকৈ ক্ৰয় কৰিব?
যিদৰে প্ৰতিজন ব্যক্তিৰ এটা নাম থাকে, ঠিক সেইদৰে ব্লগৰ এটা নামও থাকে আৰু এই নামটোক ইণ্টাৰনেটৰ ভাষাত Domain Name বুলি কোৱা হয়। Domain Name হৈছে আপোনাৰ ব্লগৰ Address বা URL। Domain Name অবিহনে আপুনি ব্লগিং কৰিব নোৱাৰে।
আপুনি আপোনাৰ ৱেবছাইটৰ বাবে এটা ডমেইন নাম ক্ৰয় কৰিবই লাগিব। Domain Name ৰ বাবে নেমচেপৰ আৰু গোডেডী যথেষ্ট ভাল প্লেটফৰ্ম। এটা ডমেইন ক্ৰয় কৰিবলৈ আপুনি কিছুমান বিষয়ে অতিকৈ গুৰুত্ব দিব লাগিব।
আপোনাৰ Domain Name User Friendly হ’ব লাগিব, যাতে ব্যৱহাৰকাৰীয়ে এবাৰ দেখিয়েই আপোনাৰ URL মনত ৰাখিব পাৰে। ইয়াৰ লগতে আপুনি আপোনাৰ Domain Name বেছি দীঘলীয়া নকৰিব।
এতিয়া আপুনি আপোনাৰ ব্লগৰ নাম ভাবি লৈছে কিন্তু আপুনি আপোনাৰ ব্লগ ক’ত Host কৰিব? অৰ্থাৎ, আপুনি আপোনাৰ ব্লগ ক’ত ৰাখিব বিচাৰে বা কোন কোম্পানীৰ Hosting ব্যৱহাৰ কৰিব বিচাৰে?
যদি আপুনি নাজানে হোষ্টিং কি তেন্তে মই আপোনাক কওঁ যে, যিকোনো বস্তু এটা ৰাখিবলৈ এটা ঠাইৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে আমাৰ ব্লগ এটা ৰাখিবলৈ ডাটাবেচৰ প্ৰয়োজন হয় আৰু ইয়াক হোষ্টিং বুলি কোৱা হয়।
যদি ব্লগ ৱেবছাইট বনাবলৈ আপোনাৰ ওচৰত বাজেট কম হয় তেন্তে আপুনি, Sitecountry, Hostinger আদিৰ হোষ্টিং ক্ৰয় কৰিব পাৰে। Sitecountry, Hostinger ৰে আপোনাক অতি সস্তীয়া মূল্যত ভাল Hosting প্ৰদান কৰে। যদি আপোনাৰ ওচৰত কোনো ধন নাই তেন্তে এনে ক্ষেত্ৰত আপুনি Blogger.com ত যাব পাৰে যিটো সম্পূৰ্ণৰূপে বিনামূলীয়া।
Blogger.com ত আপুনি বিনামূলীয়াকৈ হোষ্টিং আৰু ডমেইন নেম পাব। যদিও ডমেইন নেম বিনামূলীয়াকৈ উপলব্ধ হ’ব কিন্তু মোৰ Suggest আপুনি এটা ডমেইন নেম ক্ৰয় কৰি ল’ব যিটো আপোনাক rank কৰিবলৈ সহায় কৰিব। যদি আপুনি ব্লগাৰে দিয়া Domain Name ব্যৱহাৰ কৰে তেন্তে আপোনাৰ Domain Name এনেধৰণৰ হ’ব।
উদাহৰণস্বৰূপে- techinassamese.blogspot.com আৰু যদি ক্ৰয় কৰে তেন্তে এনে ক্ষেত্ৰত আপোনাৰ Domain Name হ’ব- techinassamese.com. আপুনি ওপৰত উল্লেখিত কৰা ব্লগস্পট আঁতৰাব নোৱাৰে। গতিকে আপুনি ডমেইন নেমৰ বাবে অলপ invest কৰিব লাগিব। আপুনি ২০০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰত এটা TLD Domain Name ক্ৰয় কৰিব।
Blogger ত কেনেকৈ বিনামূলীয়াকৈ blog website বনাব?
যদি আপুনি এটা বিনামূলীয়াকৈ ব্লগ ৱেবছাইট বনাব বিচাৰে তেন্তে এনে ক্ষেত্ৰত আপুনি তলত দিয়া পদক্ষেপবোৰ অনুসৰণ কৰক।
• প্ৰথমে আপুনি www.Blogger.com ত যাব।
• ব্লগ ৱেবছাইট বনাবলৈ আপোনাৰ জিমেইল একাউণ্টৰ সহায়ত ছাইন আপ কৰক।
• এতিয়া আপুনি আপোনাৰ ব্লগ ৱেবছাইটৰ Title (নাম) বহুৱাই দিব (উদাহৰণস্বৰূপে- TechinAssamese) আৰু তাৰ পিছত Next ত ক্লিক কৰিব।
• আপুনি এতিয়া আপোনাৰ Domain Name বা URL বাছনি কৰি ল’ব, উদাহৰণস্বৰূপে- techinassamese05.blogspot.com, যিটো Available হয় তাকে লই ল’ব আৰু ইয়াৰ পিছত Save ত ক্লিক কৰি ব্লগ বনাই ল’ব।
• আপুনি আপোনাৰ ব্লগ ৱেবছাইটত যিকোনো পছন্দৰ Theme ব্যৱহাৰ কৰিব পাৰে।
আপুনি WordPress ত দুইধৰণৰ ব্লগ বনাব পাৰে তাৰে এটা বিনামূলীয়া আৰু আনটো টকা খৰচ কৰি। WordPress ত বিনামূলীয়াকৈ ৱেবছাইট বনাবলৈ www.wordpress.com ত বিজিট কৰক। ইয়াক আপুনি অতি সহজে বনাই ল’ব পাৰে মাথোন কেইটামান পদক্ষেপ অনুসৰণ কৰিব লাগে। যদি বনাবলৈ সমস্যা পাইছে তেন্তে এনে ক্ষেত্ৰত আপুনি YouTube ৰ ভিডিঅ’ চাব পাৰে।
কেনেকৈ আপোনাৰ ব্লগ User friendly design কৰিব?
আপোনাৰ ব্লগৰ Interface ব্যৱহাৰকাৰীসকলৰ বাবে ‘User Friendly design’ হ’ব লাগে, যাতে মানুহে ইয়াক পছন্দ কৰে। যদি মানুহে আপোনাৰ ব্লগৰ ডিজাইন ভাল নাপায় তেন্তে তেওঁলোকে আপোনাৰ ছাইটত বেছি সময় নাথাকিব আৰু লগে লগে আন কাৰোবাৰ ৱেবছাইটলৈ গুচি যাব।
ইয়াৰ ফলত আপোনাৰ ৱেবছাইটৰ Bounce Rate বৃদ্ধি পাব আৰু গুগলে অনুভৱ কৰিব যে আপোনাৰ ব্লগত কোনো সহায়ক প্ৰবন্ধ নাই। Bounce rate বৃদ্ধি হ’লে ই আপোনাৰ ব্লগ ৱেবছাইটৰ ৰেংকিং হ্ৰাস কৰিব আৰু লাহে লাহে আপোনাৰ ব্লগত ট্ৰেফিক অহা বন্ধ হৈ যাব।
যদি আপুনি WordPress ত ব্লগিং আৰম্ভ কৰিব বিচাৰে তেন্তে এনে ক্ষেত্ৰত আপুনি ব্লগ ডিজাইন কৰিবলৈ এলিমেণ্টৰ ব্যৱহাৰ কৰিব পাৰে। এইটো বিনামূলীয়াকৈও উপলব্ধ আৰু প্ৰিমিয়ামও উপলব্ধ আছে। প্ৰিমিয়ামত বহুতো অতিৰিক্ত সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ ওপৰিও আপুনি Newspaper, Generatpress, Astra আদি theme ব্যৱহাৰ কৰি ভাল ডিজাইন কৰিব পাৰে।
কিন্তু যদি আপুনি Blogger.Com ব্যৱহাৰ কৰে তেন্তে এনে ক্ষেত্ৰত আপুনি বেছি ডিজাইনৰ সুবিধা লাভ কৰিব নোৱাৰে। আপুনি ইয়াত আপোনাৰ ব্লগটো সহজে cool design কৰিব পাৰে, যিটো ব্যৱহাৰকাৰীৰ বাবে User Friendly design হ’ব।
ইয়াৰ উপৰিও নিশ্চিত কৰিব যে আপোনাৰ ৱেবছাইটৰ লোডিংৰ গতি ১ ৰ পৰা ৩ ছেকেণ্ডৰ ভিতৰতেই যাতে হয়। যদি আপোনাৰ ব্লগ Loding হ’বলৈ বেছি সময় লয় তেনেহলে আপোনাৰ ৰেংকিংত ডাউন হোৱাৰ সম্ভাৱনা থাকে। লোডিংৰ গতি ঠিক কৰিবলৈ আপুনি WP Rocket Plugin ব্যৱহাৰ কৰিব পাৰে।
Google Search Console আৰু Google Analytics ৰ লগত কেনেকৈ ব্লগ Connect কৰিব?
Google Search Console আৰু Google Analytics ৰ সৈতে ব্লগ সংযোগ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ এই দুয়ো অবিহনে কোনেও ব্লগিংত সফল হ’ব নোৱাৰে। আপুনি ইউটিউবত চাব পাৰে যে ব্লগটো কেনেকৈ গুগল চাৰ্চ কনচৌল আৰু গুগল এনালিটিক্সৰ সৈতে সংযুক্ত কৰে।
প্ৰথমে আপুনি আপোনাৰ ব্লগটো গুগল চাৰ্চ কনচৌলত Submit কৰিব। গুগলে আপোনাৰ ব্লগ ক্ৰ’ল কৰিব আৰু Search Results ত আপোনাৰ পোষ্টটো rank কৰিব, যদি আপুনি এইটো নকৰে তেন্তে আপোনাৰ ছাইট কেতিয়াও গুগলত ভাল ফলাফল দেখুৱাব নোৱাৰোঁ।
ইয়াৰ উপৰিও আপুনি আপোনাৰ ব্লগক গুগল এনালিটিক্সৰ সৈতে সংযোগ কৰিব লাগিব। গুগল এনালিটিক্সৰ সহায়ত আপুনি আপোনাৰ ব্লগত ব্যৱহাৰকাৰীৰ কাৰ্যকলাপ বা Data নিৰীক্ষণ কৰিব পাৰে। ইয়াৰ অৰ্থ হৈছে আপোনাৰ ব্লগলৈ কিমান জন ব্যৱহাৰকাৰী আহিছে, কৰ পৰা দেখি আছে, তেওঁলোক কোনটো পৃষ্ঠা ভিজিট কৰিছে, ইত্যাদি চাবলৈ সক্ষম হ’ব।
Blog Posts কেনেকৈ SEO কৰিব?
আপুনি আপোনাৰ ব্লগত আপোনাৰ Niche অনুসৰি যিকোনো প্ৰবন্ধ লিখি প্ৰকাশ কৰিব পাৰে। আপুনি লিখা পোষ্টবোৰ Unique হ’ব লাগিব আৰু ইয়াৰ লগতে Copy Paste, Google translate আদিৰ প্ৰয়োগ নকৰিব। এনে কাম কৰিলে গুগলে অতি সহজে বুজিব আৰু আপোনাৰ ব্লগৰ বাবে AdSense Approval পোৱাত অসুবিধা হ’ব আৰু যদি Already AdSense approval পাইছে তেন্তে এনে ক্ষেত্ৰত Ranking ত বাধাৰ সৃষ্টি কৰিব।
আপুনি লিখা প্ৰবন্ধবোৰ High Quality of হ’ব লাগিব আৰু লগতে ইয়াৰ দৈৰ্ঘ্য ৮০০ ৰ পৰা ২৫০০ শব্দৰ ভিতৰত হ’ব লাগিব। আপুনি ৩০০ ৰ পৰা ৭০০ শব্দৰ ভিতৰত প্ৰবন্ধও লিখিব পাৰে। কিন্তু মই আপোনাক নিম্নতম ১০০০ শব্দৰ প্ৰবন্ধ লিখিবলৈ পৰামৰ্শ দিম।
ই আপোনাক Google ৰ প্ৰথম পৃষ্ঠাত Rank কৰিবলৈ সহায় কৰিব। আপুনি আপোনাৰ ব্লগৰ প্ৰতিটো পোষ্ট SEO কৰিব লাগিব আৰু ইয়াৰ বাবে আপুনি ৰেংক মেথ বা ইয়োষ্ট এছ.ই.ও.-ৰ দৰে প্লাগিন ব্যৱহাৰ কৰিব পাৰে।
প্ৰতিটো ব্লগ পোষ্টত আপুনি ভিডিঅ’ আৰু ফটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব, কিয়নো ই আপোনাৰ ব্লগত SEO improvement কৰাত সহায় কৰিব। যাৰ ফলস্বৰুপে ranking ত উন্নতি হ’ব।
Blog Website ৰ বাবে কেনেকৈ Important Pages বনাব?
যিকোনো ব্লগ ৱেবছাইটৰ বাবে About us, contact us, privacy policy, disclaimer, terms and conditions আদি pages সৃষ্ট কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ, ইয়াৰ উপৰিও আপুনি DMCA page বনাব পাৰে। যদি এই পৃষ্ঠাবোৰ আপোনাৰ ব্লগত নাথাকে তেন্তে এনে ক্ষেত্ৰত Google Adsense আপোনাৰ ব্লগ ৱেবছাইটত কেতিয়াও Approval নিদিয়ে। ইয়াৰ লগতে User engagement বেয়া হ’ব পাৰে।
এই সকলোবোৰ পৃষ্ঠাৰ নিজা বেলেগ বেলেগ কাম থাকে। উদাহৰণ স্বৰূপে- যদি কোনোবাই আপোনাৰ ব্লগৰ বিষয়ে জানিব বিচাৰে তেনেহলে তেওঁ About us page ত যাব। যদি তেওঁলোকে আপোনাৰ সৈতে যোগাযোগ কৰিব লগা হয় তেন্তে এনে ক্ষেত্ৰত তেওঁলোকে Contact us page ত বিজিট কৰিব। এই সকলোবোৰ পৃষ্ঠা অবিহনে ব্লগটো অসম্পূৰ্ণ।
ইণ্টাৰনেটত বহুতো ৱেবছাইট আছে যাৰ সহায়ত আপুনি About us, privacy policy, disclaimer, terms and conditions আদি pages মাত্ৰ ২ মিনিটত বনাই ল’ব পাৰে। কিন্তু আপুনি About us, Contact us পৃষ্ঠাটো নিজেই বনাব লাগিব। এইটো বনাবলৈ যথেষ্ট সহজ কিয়নো ই আপোনাৰ কেৱল নিজৰ পৰিচয় আৰু লগতে আপোনাৰ ব্লগৰ বিষয়ে লিখিবলৈ দিয়ে।
এই সকলোবোৰ পৃষ্ঠা আমাৰ ৱেবছাইটতো বিচাৰি পাব। আপুনি আমাৰ এই পৃষ্ঠাবোৰ চাই দেখিব পাৰে। আপুনি এই পৃষ্ঠাবোৰ Header আৰু তলৰ Footer ত দেখিবলৈ পাব।
Google Adsense ৰ সৈতে ব্লগ কেনেকৈ Connect কৰিব?
যদি আপুনি ভালদৰে ব্লগিং কৰে তেন্তে ১ ৰ পৰা ১.৫ বছৰৰ ভিতৰত সেই ব্লগত এক ভাল পৰিমাণৰ ট্ৰেফিক আহিব আৰু ইয়াৰ ফলত আপোনাৰ ভাল উপাৰ্জন হ’বলৈ আৰম্ভ কৰিব। ব্লগিংৰ পৰা টকা উপাৰ্জন কৰিবলৈ ব্লগক AdSense approval বা Monetize কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ।
Blog Monetize কৰাৰ এটা নহয় বহুতো উপায় আছে, যাৰ ভিতৰত কিছুমান আটাইতকৈ জনপ্ৰিয়। ইয়াৰ ভিতৰত আটাইতকৈ ভাল আৰু জনপ্ৰিয় প্লেটফৰ্ম হৈছে Google Adsense। ইয়াৰ উপৰিও আপুনি নিম্নলিখিত প্লেটফৰ্মবোৰ ব্যৱহাৰ কৰি আপোনাৰ ব্লগ monetize কৰিব পাৰে।
Media.net
Propeller ads
Ezoic
ইয়াৰ উপৰিও আপুনি ইন্টাৰনেটত বহুতো প্লেটফৰ্ম বিচাৰি পাব। আপুনি আপোনাৰ ব্লগত Affiliate marketing, course selling, আদিৰ সহায় টকা উপাৰ্জন কৰিব পাৰে।
সামৰণি (Conclusion)
গতিকে বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল ব্লগিং (Blogging) আপুনি কেনেকৈ আৰম্ভ কৰিব?। মই আশা কৰোঁ আপুনি বুজি পাইছে আৰু আপুনি এই প্ৰবন্ধটো ভাল পাব, যদি আপুনি এই প্ৰবন্ধটো ভাল পায়।
আপুনি ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিব আৰু ৱেবছাইটৰ বেল ঘণ্টাও (Bell Icon) অন কৰিব যাতে আপুনি অদূৰ ভৱিষ্যতে কোনো প্ৰবন্ধ বাদ নিদিয়ে কাৰণ আমি আপোনাৰ বাবে প্ৰতিদিনে এনে সহায়ক প্ৰবন্ধ আনি আছো। যদি আপোনাৰ এই প্ৰবন্ধটোত কোনো সমস্যা আছে, আপুনি আমাক মন্তব্য (Comment) কৰি সুধিব পাৰে, ধন্যবাদ।
Read More Article
• Health ID Card কেনেকৈ অনলাইনত আবেদন কৰিব?
• Driving Licence কেনেকৈ অনলাইনত আবেদন কৰিব? | DL Apply in Assamese
https://techinassamese.com
Eusub Ali Khan is the Author & Owner of TechinAssamese.com. My name is Eusub Ali Khan as you already know, you call me a Website designer, Content writer and blogger. I completed my bachelor’s degree in B.A (Economics). I have completed my course in Computer & Enrichment. I love to share my technical knowledge with people. Thank You!
Nice story, first time wordpress Blog porhilo
Thanks bro for visit my blog
Bro Mur ata website ase.. moi web site tu vlke bnabo pora nai..olp help kri dya na please…
Greenaxom.in aitu website… WhatsApp number Diya na. Para jdi
Tumar Whatsapp number deya moi contact korim tumar logot
Nojona bohu kotha janibo parilu.. Apunaloi dhonyobad.. Google Adsense a jihetu atialoike Assamese blogt approval diya nai, apunar ei blog2t ji ad ulai ase xeibur kenekoi ahise. Mane monetize kenekoi hoise olop bujai kobo neki..
Assamese blog2t Adsense Approved hoi mor website toh adsense approval hoi. If you follow adsense Policy then you must got adsense approval.
Assamese languae t kenekoi write korise? I mean ki software use korise?
Computer/laptop use koribo pare, jodi mobile t use koribo besare then Notepad Use koribo pare.
Blogger.comত অসমীয়াত লেখিলে AdSense পোৱা আশা আছেনে? কি ফৰ্মেটত লেখিব লাগিব? Htmlত নেকি?
Blogger ot Assamese de lekehle adsense pabo pari jodi content adsense feriendly hoi, PC/LAPTOP Or Mobile Phone ot Notepad use koribo pare, writting koribor babe.