আপুনি আপোনাৰ ফটোবোৰ ভালদৰে Edit কৰিব বিচাৰে নেকি? কিন্তু আপুনি জানেনে “Best ফটো এডিটৰ এপটো কি?” (Best Photo Editor Apps) যদি নাজানে তেনেহলে আপুনি সঠিক স্থানলৈ আহিছে কাৰণ ইয়াত আমি আটাইতকৈ ভাল ফটো এডিটৰ এপৰ বিষয়ে কথা পাতিম। আজিৰ Article ত আমি এই Best ফটো এডিটৰ এপবোৰৰ বিষয়ে বিস্তাৰিত আলোচনা কৰিবলৈ ওলাইছো যিবোৰ আপুনি এণ্ড্ৰইড (Android) আৰু আইঅ’এছ (IOS) এই দুয়োটা ডিভাইচত ইনষ্টল কৰি ব্যৱহাৰ কৰিব পাৰিব।

আমি এই সকলোবোৰ শ্ৰেষ্ঠ ফটো এডিটৰ এপৰ (Best Photo Editing App) বিষয়ে অতি সৰল অসমীয়া ভাষাত বৰ্ণনা কৰিবলৈ গৈ আছোঁ, সেয়েহে ইয়াক শেষলৈকে পঢ়িব।

আজিকালি ব্যৱসায়িক হওঁক বা সামাজিক মাধ্যম হওঁক, সকলো ঠাইতে ফটোৰ চাহিদা বহুত বেছি হৈ পৰিছে। এক আকৰ্ষণীয় ফটোয়ে যিকোনো ব্যক্তিক অতি সহজেই আকৰ্ষিত কৰে, সেয়েহে ডাঙৰ কোম্পানী আৰু ছ’চিয়েল মিডিয়া বিনিয়োগকাৰীসকলেও এটা ভাল ফটো এডিটৰ এপ ব্যৱহাৰ কৰে।

Read More Article

ভি আই অ্যাপ কি? | What is VI App in Assamese?

Sandes App কি? | Sandes App Review in Assamese

এইটো সত্য কথা যে, যদি কোনো এখন ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে ভালদৰে Edit (সম্পাদনা) কৰা হয়, তেনেহলে সেই ফটোত অধিক লাইক আৰু কমেন্ট পোৱা যায়। কিন্তু ফটোখন Edit কৰিবলৈ এটা ভাল ফটো এডিটৰ এপ বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ।

আজিৰ প্ৰবন্ধটোত আমি আপোনাক শ্ৰেষ্ঠ ফটো এডিটৰ এপ বাছনি কৰাত সহায় কৰিম গতিকে সময় নষ্ট নকৰাকৈ বলক আজিৰ এই Topic আৰম্ভ কৰোঁ।

Best ফটো এডিটৰ এপ (Best Photo Editor Apps in Assamese)

বন্ধু-বান্ধৱীসকল, এতিয়া আমি যিবোৰ শ্ৰেষ্ঠ ফটো এডিটৰ এপৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো সেইবোৰ সম্পূৰ্ণৰূপে বিনামূলীয়া আৰু আপুনি সেইবোৰ আপোনাৰ এণ্ড্ৰইড আৰু আই.ও.এছ. এই দুয়োটা ডিভাইচত অতি সহজে ব্যৱহাৰ কৰিব পাৰে।

১. ফটোশ্বপ এক্সপ্ৰেছ (Photoshop Express)

ফটোশ্বপ এক্সপ্ৰেছ (Photoshop Express) হৈছে এডোবৰ (Adobe) দ্বাৰা তৈয়াৰ কৰা এটা বিনামূলীয়া অল ৰাউণ্ডাৰ ফটো ইডিটৰ ছফ্টৱেৰ যিটো এণ্ড্ৰইড (Android) আৰু আইঅ’এছ (IOS) এই দুয়োটা প্লেটফৰ্মত উপলব্ধ।

ফটোশ্বপ এক্সপ্ৰেছ (Photoshop Express)বন্ধু-বান্ধৱীসকল এডোব (Adobe) আৰম্ভণিৰ পৰাই ফটো এডিটৰ ছফ্টৱেৰত নাম আছিল আৰু ইয়াৰ ফটো এডিটৰ সমগ্ৰ বিশ্বতে বিখ্যাত, পেছাদাৰী ফটো Editor সকলে এতিয়াও এডোব ফটোশ্বপ ডেস্কটপ ছফ্টৱেৰ ব্যৱহাৰ কৰিবলৈ পছন্দ কৰে। কিন্তু ফটোশ্বপ এতিয়া ডেস্কটপত সীমাবদ্ধ হৈ থকা নাই বৰঞ্চ আজি আপুনি আপোনাৰ ম’বাইলত ফটোশ্বপও চলাব পাৰে।

Download (Android)

Download (IOS)

এই এপটো ব্যৱহাৰৰ কৰাৰ বাবে, আপুনি প্ৰথমে এটা এডোব একাউণ্ট তৈয়াৰ কৰিব লাগিব বা বনাই লৱ লাগিব যিটো সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ তৈয়াৰ কৰিব পাৰিব। ফটোশ্বপ এক্সপ্ৰেছত আপুনি সকলো ফটো ইডিট বা সম্পাদনা কৰাৰ সকলো মৌলিক সুবিধাবোৰ পাব। এই এপটোত আপুনি ফিল্টাৰ, ৰেড আই কাৰেক্সন, বডাৰ্ছ, ক্ৰপিং, Brightness , কণ্ট্ৰাষ্টৰ দৰে আশ্চৰ্যকৰ সকলোবোৰ সুবিধা লাভ কৰিবলৈ পাব।

২. স্নেপচিড (Snapseed)

স্নেপচিড (Snapseed) হৈছে গুগলৰ দ্বাৰা সৃষ্টি কৰা বা বনোৱা এক সম্পূৰ্ণ বিনামূলীয়া উন্নত মানৰ ফটো Editing এপ যি এণ্ড্ৰইড (Android) আৰু আই অ’এছ (IOS) এই দুয়োটা প্লেটফৰ্মত উপলব্ধ।

Photo Editor Apps (Snapseed)

Download (Android)

Download (IOS)

স্নেপচিড হৈছে বাকী ফটো ইডিটিং এপ্লিকেশ্বনতকৈ অলপ বেলেগ এপ্লিকেচন কিয়নো আপুনি কিছুমান উন্নত মানৰ ফটো Editing ৰ সুবিধা আৰু লগতে মৌলিক ভিডিঅ’ Editing ৰ সুবিধাবোৰ পাব যিবোৰ আপুনি বিনামূলীয়া এপত খুব কমেই দেখা পাব।

স্নেপচিডত আপুনি ক্লাছিক ফটো ইডিট কৰাৰ সকলোবোৰ সুবিধা লাভ কৰিবলৈ পাব যেনে ক্ৰপিং, ফ্ৰেম ষ্ট্ৰাইটেনিং, টেক্সট, ভিগনেটাছ আদি সুবিধাবোৰ পাব আৰু লগতে কাষ্টম ফিল্টাৰৰ Option থাকে য’ত আপুনি আপোনাৰ নিজা ফিল্টাৰ সৃষ্টি কৰিব বা বনাব পাৰে।

৩. ইনষ্টাগ্ৰাম (Instagram)

ইনষ্টাগ্ৰাম (Instagram) এণ্ড্ৰইড (Android) আৰু আইঅ’এছ (IOS) এই দুয়োটা প্লেটফৰ্মত উপলব্ধ। Instagram এটা ভাল বিনামূলীয়া ফটো Editing এপ আৰু এইটো এটা ফটো শ্বেয়াৰিং ছচিয়েল মিডিয়া এপ (Social Media App)।

Instagram

হয়তো আপুনি ভাবিব পাৰে যে ইনষ্টাগ্ৰাম (Instagram) এটা ছ’চিয়েল মিডিয়া এপ কিন্তু ইনষ্টাগ্ৰাম ফটো শ্বেয়াৰিংৰ বাবে বিশেষভাৱে ডিজাইন কৰা এক প্লেটফৰ্ম আৰু ই হৈছে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম। ইনষ্টাগ্ৰামত ভাল ফটো সম্পাদনা (Editing) কৰাৰ সুবিধা আছে সেয়েহে যদি আপুনি ছ’চিয়েল মিডিয়াৰ বাবে ফটো সম্পাদনা কৰিব বিচাৰে তেন্তে ইনষ্টাগ্ৰাম (Instagram) ব্যৱহাৰ কৰিব পাৰে।

Download (Android)

Download (IOS)

ইনষ্টাগ্ৰামত, আপুনি মৌলিক ফটো সম্পাদনা কৰাৰ বিকল্পবোৰ (Option) লাভ কৰিব পাৰিব যেনে- ফিল্টাৰ, টেক্সট, ষ্টিকাৰ, অত্যাধিক আৰু বহুতো উন্নত মানৰ ফটো সম্পাদনা কৰাৰ বিকল্পও চাব পাৰে।

৪. পিক্সলৰ (Pixlr)

পিক্সলাৰ (Pixlr) ইয়াক পিক্সলাৰ এক্সপ্ৰেছ (Pixlr Express) বুলিও জনা যায়। এই এপ্লিকেচনটো এণ্ড্ৰইড (Android) আৰু আই.ও.এছ. (OIS) এই দুয়োটা প্লেটফৰ্মত উপলব্ধ আৰু এক বিনামূলীয়া এপ (Photo Editor Apps)।

PicsArt

Download (Android)

Download (IOS)

পিক্সএলআৰ (Pixlr) অটোডেস্কৰ (AutoDesk) দ্বাৰা ডিজাইন কৰা হৈছে আৰু ই হৈছে এক অতি শক্তিশালী ফটো সম্পাদনা এপ। পিক্সলৰৰ মুখ্য আকৰ্ষণ হৈছে যে ইয়াক ব্যৱহাৰ কৰিবলৈ অতি ব্যৱহাৰকাৰীঅনুকূল আৰু স্মুত এপ আৰু লগতে প্ৰাথমিক ফটো সম্পাদনা সুবিধাৰ লগতে বিলিমিশ ৰিমুবাৰ্ছ আৰু টিৰ্থ ওৱাটনাৰ দৰে আশ্চৰ্যকৰ সুবিধাও প্ৰদান কৰে যিবোৰ আপুনি সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ লাভ কৰিব পাৰে।

৫. পিক্সাৰ্ট (PicsArt)

পিক্সাৰ্ট (PicsArt) এপটো এণ্ড্ৰইড (Android) আৰু আই.ও.এছ. (OIS) এই দুয়োটা প্লেটফৰ্মত উপলব্ধ । এই এপটোত আপুনি সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ উন্নত মানৰ ফটো সম্পাদনা কৰিব পাৰে।

PicsArt

পিক্সাৰ্ট হৈছে এক ভাল আৰু জনপ্ৰিয় এপ যিটো সমগ্ৰ বিশ্বৰ বহুলোকে ব্যৱহাৰ কৰে। পিক্সাৰ্টক বাকী ফটো এডিটৰ এপৰ সৈতে তুলনা কৰা হয়। পিক্সাৰ্টক সকলো এপতকৈ যথেষ্ট ভাল হিচাপে জনা যায় কিয়নো ইয়াত আপুনি একেটা এপত সকলো ফটো সম্পাদনা কৰিবলৈ সুবিধা লাভ কৰিব।

Download (Android)

Download (IOS)

এই এপটোত আপুনি ক্ৰপিং, ব্লাৰ, কাট, আৰু আশ্চৰ্যকৰ ফিল্টাৰ, যেনে ষ্টিকাৰ আদিৰ দৰে মৌলিক সুবিধাসমূহ দিয়া হৈছে যিবোৰ ব্যৱহাৰ কৰি ভাল ফটো ইডিট কৰিব পাব।

৬. এয়াৰব্ৰাছ (AirBrush)

এয়াৰব্ৰাছ এপটো এণ্ড্ৰইড (Android) আৰু আইঅএছ (IOS) এই দুয়োটা প্লেটফৰ্মত উপলব্ধ। এইটো এটা ভাল আৰু বিখ্যাত ফটো সম্পাদনা এপ।

best photo editor apps

যদি আপুনি এজন ব্যক্তিৰ ফটো ভালদৰে সম্পাদনা কৰিব বিচাৰে, এই এপ্লিকেচনটো আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ হ’ব পাৰে। কিয়নো এই এপ্পটোৱে মানুহৰ ফটো সম্পাদনা কৰা সুবিধাবোৰৰ ওপৰত অধিক গুৰুত্ব দি বনাইছে। যি আপোনাক পিম্পল আঁতৰোৱা, ছাল মসৃণ কৰা, ৰঙা চকু আঁতৰোৱাৰ দৰে উপযোগী সুবিধাসমূহ প্ৰদান কৰে।

Download (Android)

Download (ios)

এই এপটোত আপুনি পৃষ্ঠভূমিটো ভালদৰে অস্পষ্ট কৰিব পাৰে আৰু এয়াৰব্ৰাছে ফিল্টাৰ, প্ৰভাৱ, টেক্স, ক্ৰপিং, কাটিং আদিৰ দৰে মৌলিক ফটো সম্পাদনা কৰাৰ সুবিধাও প্ৰাপ্ত কৰিব পাৰে।

সামৰণি (Conclusion)

বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপুনি নিশ্চয় ভাল ফটো এডিটৰ এপৰ বিষয়ে এই তথ্যটো পাই ভাল পাইছে য’ত আমি আপোনাক কিছুমান শ্ৰেষ্ঠ ফটো এডিটৰ এপৰ বিষয়ে উল্লেখ কৰিছে। যদি আপুনি এই তথ্য পছন্দ কৰে, তেনেহলে নিশ্চিয় ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰক আৰু যদি আপোনাৰ এই প্ৰবন্ধটোৰ সৈতে সম্পৰ্কিত কোনো প্ৰশ্ন আছে, অনুগ্ৰহ কৰি এটা Comment (মন্তব্য) কৰক আৰু সোধক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here