বন্ধু-বান্ধৱীসকল আজিৰ এই প্ৰবন্ধটোত আমি জানিবলৈ গৈ আছোঁ, Covid 19 ৰ বিনামূলীয়া ভেকচিন ল’বলৈ কেনেকৈ অনলাইনত ৰেজিষ্ট্ৰেচন কৰিব?, গতিকে আহক এই বিষয়ে আলোচনা কৰোঁ।
Covid 19 Vaccine Registration 2021
কৰোণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ টিকাকৰণৰ বাবে পঞ্জীয়ন (Registration) কৰাটো অতি সহজ প্ৰক্ৰিয়া। ইয়াৰ বাবে কেৱল আপুনি cowin.gov.in ৱেবছাইটটো বিজিট (visit) কৰিব লাগিব। গতিকে আহক জানি লওঁ, কেনেকৈ কৰোণা ভাইৰাছৰ ভেকছিনৰ বাবে পঞ্জীয়ন কৰিব লাগে?
ভাৰতত লাখ লাখ মানুহে কৰোণা ভাইৰাছৰ সংক্ৰমণৰ সন্মুখীন হৈছে আৰু বহুতে ব্যক্তিয়ে তেওঁলোকক নিজকে সুৰক্ষা দিবলৈ কৰোণা ভেকছিন ল’ব বিচাৰে। ভাৰত চৰকাৰে ৪৫ বছৰৰ তলৰ আৰু ১৮ বছৰৰ অধিক বয়সৰ লোক সকলৰ বাবে টিকাকৰণ আৰম্ভ কৰিছে।
যদি আপুনি এতিয়াও পঞ্জীয়ন কৰা নাই বা বাকী আছে তেন্তে আজি আমি আপোনাক ক’বলৈ গৈ আছোঁ যে, আপুনি কেনেকৈ cowin.gov.in সহায়ত বিনামূলীয়াকৈ পঞ্জীয়ন কৰিব পাৰে।
Read More Article
⇒ Twitter Account কেনেকৈ Delete কৰিব পাৰি?
⇒ YouTube ৰ পৰা MP3 Songs কেনেকৈ Download কৰিব?
১৮ বছৰৰ অধিক বয়সৰ যিকোনো ব্যক্তিয়ে এই পৰ্টেললৈ গৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে। আপুনি এইটো কৰাৰ বাবে অত্যাধিক সময় দিয়াৰ প্ৰয়োজন নাই বা আপুনি দীঘলীয়া ফৰ্ম পূৰণ কৰাৰ প্ৰয়োজন নাই। কিন্তু আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য পূৰণ কৰি নিজৰ নাম কৰোণা ভাইৰাছৰ ভেকচিনৰ বাবে পঞ্জীয়ন কৰিব পাৰে।
কিন্তু আপুনি মনত ৰাখিব যে পঞ্জীয়ন কৰাৰ সময়ত কোনো পৰিমাণৰ মাচুল আদায় কৰা নহয়।
এই ৱেবছাইটৰ উপৰিও আপুনি আৰোগ্য সেতু আৰু উমাং অ্যাপৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে।
Covid 19 ৰ ভেকচিনৰ বাবে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত কি কি ডকুমেন্টচৰ প্ৰয়োজন হ’ব?
• Pan Card
• Aadhaar Card
• Voter ID Card
• Driving Licence
• Pension Passbook
• Passport
• NPR Smart Card.
ওপৰত উল্লেখ কৰা ডকুমেন্টচবোৰৰ ভিতৰত, আপোনাৰ ওচৰত যিকোনো এটা ডকুমেন্টচ থাকিলেই হৈ যাব। আপুনি ভেকচিন লোৱাৰ সময়ত আপোনাৰ ডকুমেন্টচৰ Xerox Copy ৰ প্ৰয়োজন হ’ব। গতিকে চিকিৎসালয়লৈ যোৱাৰ আগতে আপুনি এই ডকুমেন্টচ ভিতৰত যিকোনো এটা ডকুমেন্টচ লৈ যাব।
ভেকচিনৰ বাবে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব?
• প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোনৰ সহায়ত Google PlayStore ত যাব।
• Google PlayStore ত যোৱাৰ পিছত আপুনি Search Box ত UMANG App নাইব Aarogya Setu App ছাৰ্চ কৰিব। আপোনাৰ সন্মাখত অ্যাপটো আহি যাব।
• আপুনি আপোনাৰ মোবাইল ফোনত অ্যাপটো ডাউনলোড কৰি ইনষ্টল কৰি ল’ব। আপুনি পোনপটীয়াকৈ এই Aarogya Setu UMANG লিংকত ক্লিক কৰিব পাৰে।
• আপুনি অ্যাপটো অপেন কৰাৰ পিছত ‘Important Web-links of Covid Vaccine Registration’ এই লিংকত ক্লিক কৰিব।
• আপোনাক এটা নতুন পৃষ্ঠালৈ লৈ যাব আৰু তাত আপুনি আপোনাৰ নিজৰ সক্ৰিয় মোবাইল নম্বৰ বহুৱাই ‘Get OTP’ ত ক্লিক কৰিব। আপোনাৰ মোবাইল নম্বৰত এটা অটিপি আহিব আৰু আপুনি সেই অটিপিটো বহুৱাই ‘Submit’ ত ক্লিক কৰিব লাগিব।
• ইয়াৰ পিছত আপুনি আপোনাৰ নাম, ঠিকনা আদি বহুৱাই Submit ত ক্লিক কৰিব।
• বন্ধু-বান্ধৱীসকল, ইয়াৰ পিছত আপুনি Schedule বুটামত ক্লিক কৰিব আৰু তাত আপোনাৰ নিজৰ অঞ্চলৰ ডাকসূচকীয় সংখ্যা (PIN Code) বহুৱাই দিব। ইয়াৰ পিছত আপুনি স্ক্ৰীণত ক’ত ক’ত ভেকচিন ল’ব পাৰিব আৰু কেতিয়া ল’ব পাৰিব, এই সকলোবোৰ তথ্য আপোনাৰ ওচৰত দৃশ্যমান হ’ব।
• যিটো ভেকচিন কেন্দ্ৰত আপুনি ভেকচিন ল’ব বিচাৰে তাত ক্লিক কৰি কনফ্ৰম (Confirm) কৰিব আৰু কনফ্ৰম কৰাৰ পিছত আপোনাৰ ভেকচিনৰ বাবে ৰেজিষ্ট্ৰেচন কৰা সম্পন্ন হৈ যাব।
আপুনি নিজৰ বাবে Covid 19 ৰ ভেকচিন ৰেজিষ্ট্ৰেচন কৰাৰ উপৰিও আপোনাৰ পৰিয়ালৰ সদস্য সকলৰ বাবেও ৰেজিষ্ট্ৰেচন কৰিব পাৰে ঠিক একে পদ্ধতিৰে।
Cowin.gov.in ৱেবছাইটৰ সহায়ত কেনেকৈ ভেকচিনৰ বাবে ৰেজিষ্ট্ৰেচন কৰিব?
• যদি আপুনি কৰোণা ভেকছিনৰ বাবে পঞ্জীয়ন কৰিব বিচাৰে। তেন্তে আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত এই ৱেবছাইটত বিজিট কৰক। আপুনি পোনপটীয়াকৈ https://www.cowin.gov.in/home এই লিংকত ক্লিক কৰিব পাৰে।
• তাৰ পিছত আপুনি হালধীয়া ৰঙৰ বাৰত ক্লিক কৰক। ইয়াত আপুনি ‘Register/Sign in Yourself’ দেখা পাব আৰু তাত ক্লিক কৰিব লাগিব।
• আপুনি তাত ক্লিক কৰাৰ পিছত এটা নতুন স্ক্ৰীণ দেখা পাব য’ত আপুনি আপোনাৰ ম’বাইল নম্বৰ বহুৱাই Send OTP ত ক্লিক কৰিব আৰু আপুনি এটা অটিপি প্ৰাপ্ত কৰিব। অৱশ্যে, অ’টিপি পাবলৈ কিছু সময় লাগিব পাৰে।
• পঞ্জীয়ন পৰ্টেলটোৱে আপোনাৰ ওচৰত, নাম, ঠিকনা, ডকুমেন্টচ আদি বিচৰা সকলো তথ্য পূৰণ কৰিব লাগিব।
• টিকাকৰণৰ সময়ত আপুনি ব্যৱহাৰ কৰিব বিচৰা পৰিচয় পত্ৰ বা কাৰ্ডৰ তথ্য প্ৰবিষ্ট কৰক।
• সকলো তথ্য ভালদৰে বহুৱাই দিব আৰু Submit ত ক্লিক কৰি ৰেজিষ্ট্ৰেচন সম্পন্ন কৰিব।
সামৰণি (Conclusion)
গতিকে বন্ধু-বান্ধৱীসকল, এইটো আছিল Covid 19 ৰ বিনামূলীয়া ভেকচিন ল’বলৈ কেনেকৈ অনলাইনত ৰেজিষ্ট্ৰেচন কৰিব? আশা কৰোঁ আপুনি ইয়াৰ বিষয়ে সম্পূৰ্ণ বিৱৰণ পাইছে আৰু আশা কৰিছোঁ যে আপুনি এই প্ৰবন্ধটো ভাল পাব।
যদি আপুনি এই প্ৰবন্ধটো ভাল পায়, ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক আৰু ৱেবছাইট বেল ঘণ্টা অন কৰক যাতে আপুনি অদূৰ ভৱিষ্যতে কোনো প্ৰবন্ধ বাদ নিদিয়ে। কাৰণ আমি আপোনাৰ বাবে প্ৰতিদিনে এনে সহায়ক প্ৰবন্ধ আনি আছো। যদি Covid 19 ৰ বিনামূলীয়া ভেকচিন ল’বলৈ কেনেকৈ অনলাইনত ৰেজিষ্ট্ৰেচন কৰিব? এই প্ৰবন্ধটোত কোনো সমস্যা আছে, আপুনি আমাক মন্তব্য (Comment) কৰি সুধিব পাৰে, ধন্যবাদ!
https://techinassamese.com
Eusub Ali Khan is the Author & Owner of TechinAssamese.com. My name is Eusub Ali Khan as you already know, you call me a Website designer, Content writer and blogger. I completed my bachelor’s degree in B.A (Economics). I have completed my course in Computer & Enrichment. I love to share my technical knowledge with people. Thank You!