বন্ধু-বান্ধৱীসকল, প্ৰথমে আপোনাক স্বাগতম জনাইছো আমাৰ এই ৱেবছাইটত Visit (প্ৰবেশ ) কৰাৰ বাবে আৰু লগতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই পোষ্টটোত আমি জানিবলৈ গৈ আছোঁ, Email Id কেনেকৈ বনাব? যদি আপুনি এতিয়ালৈকে আপোনাৰ ইমেইল আইডি বনোৱা (Create Email Id) নাই তেনেহলে আপুনি আজিৰ এই পোষ্টটো শেষ লৈকে পঢ়িব কিয়নো ইয়াত আপুনি সকলো তথ্য প্ৰাপ্ত কৰিব।
Email Id কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? এই সকলোবোৰ তথ্য এই পোষ্টটোৰ জৰিয়তে লাভ কৰিবলৈ পাব। ইন্টাৰনেটৰ জগতত সকলো ক্ষেত্ৰতেই ডিজিটেল হৈ গৈছে। এটা সময় আছিল য’ত মানুহে চিঠি পঠিওৱাৰ বাবে পোষ্টমেন তথা ডাক সেৱাৰ সহায় লৈছিল।
কিন্তু আজিৰ সময়ত ইন্টাৰনেটে এনেকুৱা সুবিধা প্ৰদান কৰিছে যাৰ জৰিয়তে আমি ঘৰৰ পৰা সকলো কাম কৰিব পাৰোঁ। আজিৰ সময়ত আপুনি ইমেলৰ জৰিয়তে প্ৰায় সকলো প্ৰয়োজনীয় কাম কৰিব পাৰে। কিন্তু এই কামবোৰ কৰাৰ বাবে আপোনাৰ ওচৰত ইমেইল আইডি (Email Id) থকাৰ অত্যন্ত প্ৰয়োজন।
Read More Aricle
⇒ GB WhatsApp কি আৰু ইয়াক কেনেকৈ ডাউনলোড কৰিব?
⇒ MyJio App কি আৰু ইয়াক কেনেদৰে বিনামূলীয়াকৈ ডাউনলোড কৰিব?
বন্ধু-বান্ধৱীসকল আজিৰ এই পোষ্টটোত আমি শিকিবলৈ গৈ আছোঁ, Email Id কি আৰু ইয়াক কেনেকৈ বনাব? আজিৰ সময়ত আপুনি যত যাব সেই ঠাইতে Email Id ৰ প্ৰয়োজন হয় অৰ্থাৎ চাকৰিৰ বাবে আবেদন কৰিবলৈ, অনলাইনৰ সুবিধা ল’বলৈ, অনলাইনত টকা লেনদেন কৰিবলৈ, ইত্যাদি, এই সকলোবোৰ সুবিধা লাভ কৰিবলৈ আপোনাৰ ওচৰত Email Id থকা বাধ্যতামূলক হৈ গৈছে।
বিনামূলীয়াকৈ ইমেইল আইডি বনোৱাৰ বাবে আপুনি বহুতো ৱেবছাইট দেখিবলৈ পাব যৰ পৰা আপুনি ইমেইল আইডি বনাব পাৰে। ইয়াৰ ভিতৰত কিছুমান জনপ্ৰিয় ৱেবছাইট হৈছে- Gmail, Yahoo, Hotmail. Free Email ID ৰ বাবে সাধাৰণতে মানুহে এই ৱেবছাইটবোৰ ব্যৱহাৰ কৰে।
কিন্তু আজিৰ এই পোষ্টটোত আমি আপোনাক আটাইতকৈ জনপ্ৰিয় ৱেবছাইটত তথা জনপ্ৰিয় ইমেইল ছাৰ্বিছ পৰবাইডাৰত (Popular Email Service Provider) ইমেইল আইডি বনাবলৈ শিকাম। গতিকে আহক প্ৰথমে আমি জানি লওঁ ইমেইল কি আৰু কেনেকৈ Gmail ৰ জৰিয়তে Email Id বনাব?
ইমেইল কি? (What is Email?)
Email Id কেনেকৈ বনাব এইটো জনাৰ আগতে আপুনি ইমেইল কি সেইটো জনাটো অত্যন্ত আৱশ্যক। ইমেইলৰ অৰ্থ হৈছে ইলেক্ট্ৰনিক মেইল (Email Full Form- Electronic Mail), ই এটা ইন্টাৰনেটৰ মাধ্যম। ইমেইলৰ জৰিয়তে আপুনি এটা ঠাইৰ পৰা আন এটা ঠাইলৈ বাৰ্তা প্ৰেৰণ (Message Send) কৰিব পাৰে নাইবা যিকোনো ডাটা (Data) পঠিওৱাব পাৰে।
যেতিয়া ইন্টাৰনেটৰ জন্ম হোৱা নাছিল তেতিয়া মানুহে বহীত লিখিছিল। সেই লিখা বহী বা পেজটো পোষ্ট অফিচিত জমা দিব লাগিছিল আৰু পোষ্ট অফিচে এঠাইৰ পৰা আন এটা ঠাইলৈ ডাক সেৱাৰ জৰিয়তে প্ৰেৰণ কৰিছিল। এই লিখা পেজটোক সাধাৰণতে চিঠি হিচাপে জনা যায়।
যিজনৰ ওচৰত এই চিঠিখন পঠিওৱা হ’ব তাৰ নাম, ঠিকনা আদি ওপৰত উল্লেখ কৰা হৈছিল আৰু এই সম্পন্ন প্ৰক্ৰিয়াটো কৰাৰ বাবে বহুত সময়ৰ প্ৰয়োজন হৈছিল আৰু লগতে এই প্ৰক্ৰিয়াটো কৰাৰ বাবে আপুনি নিদিৰ্ষ্ট মাছুল পৰিশোধ কৰিব লাগিছিল।
কিন্তু যেতিয়া পৰা আমাৰ মাজত ইন্টাৰনেটেৰ জন্ম হৈছিল, তেতিয়াৰ পৰা এই সকলোবোৰ কাম সহজ সৰল হৈ গৈছে। বৰ্তমান সময়ত যদি আপুনি কাৰোবাৰ লগত কথোপকথন কৰিব বিচাৰে তেনেহলে আপুনি ইন্টাৰনেটৰ সহায়ত ইমেইলৰ জৰিয়তে কথোপকথন কৰিব পাৰে। কিন্তু এই সুবিধাবোৰ লাভ কৰিবলৈ আপোনাৰ ওচৰত এটা Email Id থকা আবশ্যক। গতিকে আহক আমি জানি লওঁ কেনেকৈ বিনামূলীয়াকৈ Email Id বনাব?
Gmail ৰ সহায়ত কেনেকৈ Email Id বনাব?
যদি আপুনি এটা ইমেইল আইডি বনাবলৈ ভাবি আছে তেনেহলে আপুনি তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে।
• প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত এই ৱেবছাইটত www.gmail.com ত প্ৰবেশ কৰক। আপুনি পোনপটীয়াকৈ www.gmail.com এই লিংকত ক্লিক কৰিব পাৰে।
• আপুনি যেতিয়া এই ৱেবছাইটত প্ৰবেশ কৰিব তেতিয়া আপুনি তাত দুটা Option দেখিবলৈ পাব, Sign In আৰু Create Account.
• এতিয়া আপুনি Create Account ত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাক আন এটা পেজলৈ লৈ যাব।
• আপুনি Create Account ত ক্লিক কৰাৰ লগে লগে দুটা বিকল্প পাব- For Myself আৰু To Manage my business. যদি আপুনি ব্যক্তিগত কামৰ বাবে বনাব বিচাৰে তেনেহলে আপুনি For Myself বিকল্পটো বাছনি কৰি ল’ব। কিন্তু যদি আপুনি আপোনাৰ ব্যবসায়ৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপুনি To Manage my business ত ক্লিক কৰিব লাগিব।
• এইটো আমি ব্যক্তিগত বাবে ব্যৱহাৰ কৰিম যাৰ বাবে আমি For Myself বিকল্পটো বাছনি কৰি লৈছে আৰু বাছনি কৰাৰ পিছত আপোনাক এটা নতুন স্ক্ৰীণলৈ লৈ আহিব।
• ইয়াত আপোনাৰ কিছুমান তথ্য পূৰণ কৰিব লাগিব যেনে- প্ৰথম নাম (First Name), শেষ নাম (Last Name), জন্মৰ তাৰিখ (Date of birth), লিংগ (Gender), পাছৱাৰ্ড (Password) আৰু Email Id বনাব লাগিব। আপুনি নিজৰ ইচ্ছা মতে ইমেইল আইডি বনাব পাৰে।
• এই সকলোবোৰ তথ্য ভালদৰে বহুৱাই Next ত ক্লিক কৰিব লাগিব।
• ইয়াৰ পিছত আপোনাৰ Mobile Number বহুৱাই Next ত ক্লিক কৰিব লাগিব।
• তাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP প্ৰাপ্ত কৰিব, যিটো বহুৱাই দি Next ত ক্লিক কৰিব।
• ইয়াৰ পিছত আপুনি Gmail ৰ চৰ্তৱালী গ্ৰহণ কৰিব লাগিব অৰ্থাৎ I Agree ত টিক (√) চিন দিব।
• এতিয়া আপোনাৰ Email Id ব্যৱহাৰৰ বাবে যোগ্য হৈ যাব। এই প্ৰক্ৰিয়াটো আপোনাৰ মোবাইল ফোনত থকা Gmail ৰ জৰিয়তে কৰিব পাৰে।
জাননী: আপুনি আপোনাৰ পাছৱাৰ্ড অলপ কঠিন কৈ বনাব। আপুনি এনেকুৱাকৈ TechinAss@2000 বনাব পাৰে।
আপুনি ইমেইল আইডি আৰু ব্যৱহাৰকাৰীৰ নাম ইউনিক বনাব লাগিব।
FAQs
মই Email ত কাৰোবাৰ সৈতে কথা পাতিব পাৰোনে?
হয়, আপুনি Email ৰ সহায়ত কথোপকথন কৰিব পাৰে। যদি আপুনি এজন ব্যক্তিক কল কৰিছে কিন্তু কল লগা নাই এই ক্ষেত্ৰত আপুনি জিমেইলৰ (Email) সহায় ল'ব পাৰে।
Email একাউণ্ট এটা কিমান সময়লৈকে সক্ৰিয় হৈ থাকে?
সাধাৰণতে (Deafult) তিনি মাহৰ সময়সীমা দিয়া থাকে কিন্তু আপুনি ইয়াক ১৮ মাহলৈকে সক্ৰিয় কৰি ৰাখিব পাৰে। গুগলে কৈছে যে আপোনাৰ একাউণ্ট আনুষ্ঠানিকভাৱে নিষ্ক্ৰিয় হোৱাৰ আগতে ইমেইল জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিলে আপোনাৰ ইমেইল আইডি সক্ৰিয় হৈ থাকিব।
যদি আপোনাৰ এটাতকৈ অধিক Email একাউণ্ট থাকে তেন্তে কি হ'ব?
আপুনি এটাতকৈ অধিক জিমেইল or Email একাউণ্ট ব্যৱহাৰ কৰিব পাৰে। আপুনি একে সময়তে Multiple একাউণ্টত লগইন কৰিব পাৰে আৰু প্ৰত্যেক একাউণ্টৰ বাবে বেলেগ বেলেগ ছেটিং থাকে।
মোৰ Email একাউণ্ট কিমানটা ডিভাইচত থাকিব পাৰে?
প্ৰত্যেকজন ব্যক্তিয়ে তেওঁলোকৰ জিমেইল একাউণ্ট সৰ্বাধিক ১০ টা ডিভাইচত লগ ইন ৰাখিব পাৰে।
সামৰণি (Conclusion)
গতিকে বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল Email Id কেনেকৈ বনাব? মই আশা কৰোঁ আপুনি Email Id কেনেকৈ বনাব? বুজি পাইছে আৰু আপুনি এই প্ৰবন্ধটো ভাল পাব যদি আপুনি এই প্ৰবন্ধটো ভাল পায়।
আপুনি ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিব আৰু ৱেবছাইটৰ বেল ঘণ্টাও (Bell Icon) অন কৰিব যাতে আপুনি অদূৰ ভৱিষ্যতে কোনো প্ৰবন্ধ বাদ নিদিয়ে কাৰণ আমি আপোনাৰ বাবে প্ৰতিদিনে এনে সহায়ক প্ৰবন্ধ আনিছো। যদি আপোনাৰ এই প্ৰবন্ধটোত কোনো সমস্যা আছে Email Id কেনেকৈ বনাব?, আপুনি আমাক মন্তব্য (Comment) কৰি সুধিব পাৰে, ধন্যবাদ।
https://techinassamese.com
Eusub Ali Khan is the Author & Owner of TechinAssamese.com. My name is Eusub Ali Khan as you already know, you call me a Website designer, Content writer and blogger. I completed my bachelor’s degree in B.A (Economics). I have completed my course in Computer & Enrichment. I love to share my technical knowledge with people. Thank You!