আপোনালোক সকলোৱে নিশ্চয় জানে যে অসম চৰকাৰৰ অধীনত গ্ৰেড চি (Grade C) আৰু গ্ৰেড ডি (Grade D) ৰ বেছিভাগ পদৰ বাবেই নিযুক্তি প্ৰক্ৰিয়াৰ সময়ত বাধ্যতামূলকভাৱে Employment Exchange Registration Certificate দাখিল কৰিব লাগে।
সেয়েহে, Employment Exchange Registration Certificate হৈছে অসমত যিকোনো চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ এক গুৰুত্বপূৰ্ণ নথি পত্ৰ। আজিৰ এই প্ৰবন্ধটোত আমি জানিবলৈ গৈ আছোঁ, কেনেকৈ অনলাইনত Employment Exchange Registration Certificate ৰ বাবে আবেদন কৰিব?
প্ৰথমে নিযুক্তি বিনিময় পঞ্জীয়নৰ আবেদন প্ৰক্ৰিয়া কেৱল অফলাইন আছিল। কিন্তু ২৭ ছেপ্টেম্বৰ ২০২১ চনৰ পৰা, অসম চৰকাৰৰ Department of Skill, Employment and Entrepreneurship বিভাগে নিযুক্তি বিনিময় পঞ্জীয়নৰ সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটাইজ (Online) কৰিছে। সেয়েহে এতিয়া, আপুনি অসমত নিযুক্তি বিনিময় পঞ্জীয়ন প্ৰমাণপত্ৰৰ বাবে অনলাইন আবেদন কৰিব পাৰে আৰু মেনুৱেল পঞ্জীয়ন প্ৰক্ৰিয়া বন্ধ কৰা হৈছে।
Employment Exchange Registration Details
Name of Process | Online Employment Exchange Registration |
Name of the Department | Department of Skill, Employment and Entrepreneurship, Assam |
Launch Date (আৰম্ভ কৰাৰ তাৰিখ) | 27th September, 2021 |
Eligibility Criteria (যোগ্যতাৰ চৰ্ত) | অসমৰ স্থায়ী বাসিন্দা আৰু লগতে ১৪ বছৰৰ অধিক বয়সৰ ভাৰতৰ সকলো নাগৰিকে অসম ৰাজ্যৰ নিযুক্তি বিনিময়ত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিবলৈ যোগ্য হ’ব। |
Domicile (বাসিন্দা) | The Candidates are eligible for registration in one Employment Exchange only in the state, where they are permanent residents with the jurisdiction of the district. |
Registration Mode (পঞ্জীয়ন প্ৰক্ৰিয়া) | Online (Aadhaar and Non Aadhaar Based) |
Registration Fee (আবেদনৰ মাচুল) | Nil |
Email ID | employmentassam2021@gmail.com |
Helpline Number | +91-9435144510 |
Official Website | employment.assam.gov.in |
Documents Required for Online Employment Exchange Registration
• প্ৰাৰ্থীসকলে অনলাইনত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ এটা বৈধ আৰু সক্ৰিয় মোবাইল নম্বৰ প্ৰদান কৰিব লাগিব।
• প্ৰাৰ্থীসকলে তেওঁলোকৰ সকলো উত্তীৰ্ণ প্ৰমাণপত্ৰ আৰু Marksheet ৰ এটা PDF প্ৰস্তুত কৰিব লাগিব। মন কৰিব যে নথিপত্ৰৰ সকলো প্ৰতিলিপি স্কেন কৰিব লাগিব আৰু স্পষ্টভাৱে পঢ়িব লাগিব অন্যথা আপোনাৰ আবেদন নাকচ হ’ব পাৰে।
• প্ৰাৰ্থীসকলে নিম্নলিখিত যিকোনো এটা নথিপত্ৰ তেওঁলোকৰ বয়সৰ প্ৰমাণ (Age Proof) হিচাপে দাখিল কৰিব পাৰে।
- Birth Certificate
- HSLC Admit Card
- School Certificate
• প্ৰাৰ্থীসকলে তেওঁলোকৰ বাসস্থানৰ প্ৰমাণ (Address or Residency Proof) হিচাপে নিম্নলিখিত যিকোনো এটা নথি পত্ৰ দাখিল কৰিব লাগিব।
- Aadhaar Card
- Driving Licence (নিজৰ বা অভিভাৱকৰ)
- Passport (নিজৰ বা অভিভাৱকৰ)
- Certified Copy of Electoral Roll/EPIC (নিজৰ বা অভিভাৱকৰ)
- Chitha/Jamabandi (নিজৰ বা অভিভাৱকৰ)
• প্ৰাৰ্থীসকলে অনুসূচীত জাতি/ অনুসূচীত জনজাতি/ ওবিচি/এম.ও.বি.চি./ই.ডব্লিউ.এছ. শ্ৰেণীৰ হ’লে জাতিৰ প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব।
• ইতিমধ্যে নিযুক্ত প্ৰাৰ্থীসকলে প্ৰযোজ্য অনুসৰি অভিজ্ঞতাৰ প্ৰমাণপত্ৰ আপলোড কৰিব পাৰে।
• PWD প্ৰাৰ্থীসকলে সক্ষম কৰ্তৃপক্ষৰ দ্বাৰা জাৰী কৰা বিকলাঙ্গতাৰ প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব।
• অ’বিচি/ এম.ও.বি.চি.-এন.চি.এল. প্ৰাৰ্থীসকলে প্ৰযোজ্য অনুসৰি নন-ক্ৰীমি লেয়াৰ প্ৰমাণপত্ৰ (Non-Creamy Layer Certificate) আপলোড কৰিব পাৰে।
How to Apply Online for Employment Exchange Registration Certificate?
যিসকল প্ৰাৰ্থীয়ে অনলাইন পদ্ধতিৰ জৰিয়তে Employment Exchange ত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব বিচাৰে, সেইসকলে অসম চৰকাৰৰ Department of Skill, Employment and Entrepreneurship বিভাগৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব লাগিব। মূলতঃ অনলাইন নিযুক্তি বিনিময় পঞ্জীয়নৰ দুটা পদ্ধতি আছে – Aadhaar Based and Non Aadhaar Based.
বন্ধু-বান্ধৱীসকল যদি আপুনি অনলাইনত Employment Exchange Certificate ৰ বাবে আবেদন কৰিব বিচাৰে তেনেহলে তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰিব।
Aadhaar Based Verification
• প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত Employment Exchange Registration ৰ অফিচিয়েল ৱেবছাইটত visit কৰিব। আপুনি তলৰ Important links ত পোনপটীয়াকৈ ক্লিক কৰিব আৰু অফিচিয়েল ৱেবছাইটত বিজিট কৰিব পাৰে।
• ৱেবছাইটত বিজিট কৰাৰ পিছত আপুনি ‘Register‘ ত ক্লিক কৰি আপোনাৰ সম্পূৰ্ন নাম, ইমেইল আইডি, মোবাইল নম্বৰ, password, ৰাজ্য আদি বাছনি কৰি Captcha Code বহুৱাই Submit ত ক্লিক কৰিব।
• ইয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডি ত OTP লাভ কৰিব, অটিপি বহুৱাই দি Submit ক্লিক কৰিব।
• এতিয়া আপুনি Apply with Aadhaar (Recommend) ত ক্লিক কৰিব।
• ইয়াৰ পিছত আপুনি লগিন আইডি আৰু ওটিপি/পাছৱৰ্ড প্ৰদান কৰি পৰ্টেলত লগইন কৰক আৰু প্ৰয়োজনীয় সকলো তথ্য বহুৱাই Submit ত ক্লিক কৰক।
• ইয়াৰ পিছত আপুনি প্ৰয়োজনীয় সকলো নথি পত্ৰ আপলোড কৰিব। মনত ৰাখিব আপোনাৰ সকলো Educational Certificate এটা PDF বনাই আপলোড কৰিব লাগিব।
• সফলতাৰে আবেদন দাখিল কৰাৰ পিছত আপোনাৰ পঞ্জীভুক্ত ইমেইলত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন পঠিয়াই দিব।
Non Aadhaar Based Verification
- প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত Employment Exchange Registration ৰ অফিচিয়েল ৱেবছাইটত visit কৰিব। আপুনি তলৰ Important links ত পোনপটীয়াকৈ ক্লিক কৰিব আৰু অফিচিয়েল ৱেবছাইটত বিজিট কৰিব পাৰে।
- ৱেবছাইটত বিজিট কৰাৰ পিছত আপুনি Register ত ক্লিক কৰি আপোনাৰ সম্পূৰ্ন নাম, ইমেইল আইডি, মোবাইল নম্বৰ, password, ৰাজ্য আদি বাছনি কৰি Captcha Code বহুৱাই Submit ত ক্লিক কৰিব।
- ইয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডি ত OTP লাভ কৰিব, অটিপি বহুৱাই দি Submit ক্লিক কৰিব।
- এতিয়া আপুনি Apply with Non Aadhaar ত ক্লিক কৰিব।
- ইয়াৰ পিছত আপুনি লগিন আইডি আৰু ওটিপি/পাছৱৰ্ড প্ৰদান কৰি পৰ্টেলত লগইন কৰক আৰু প্ৰয়োজনীয় সকলো তথ্য বহুৱাই Submit ত ক্লিক কৰক।
- যদি আপুনি Apply with Non Aadhaar বাছনি কৰে তেন্তে এনে ক্ষেত্ৰত আপুনি আপোনাৰ প্ৰয়োজনীয় নথি পত্ৰ লৈ আপোনাৰ ওচৰত থকা Employment Exchange Office বিজিট কৰিব। ইয়াৰ বাবে আপুনি সময় আৰু তাৰিখ schedule কৰি ল’ব পাৰে।
Important links of Employment Exchange Registration
Online Employment Exchange Registration | Click Here |
Renewal of Employment Exchange Registration | Click Here |
Official Website | Click Here |
Our Educational Website | Click Here |
Renewal of Employment Exchange Registration Certificate
- প্ৰতিজন পঞ্জীয়কে তেওঁৰ পঞ্জীয়ন কাৰ্ডত দেখুওৱাৰ দৰে নিৰ্ধাৰিত মাহত তিনি (৩) বছৰত এবাৰকৈ তেওঁৰ পঞ্জীয়ন Renewal কৰিব লাগে।
- গ্ৰেছ পিৰিয়ড (৩ মাহ) শেষ হোৱাৰ পিছত পঞ্জীয়ন Renewal কৰাত ব্যৰ্থ হ’লে পঞ্জীয়ন বাতিল কৰা হ’ব আৰু পৰৱৰ্তী সময়ত এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰক্ষণাবেক্ষণ কৰা লাইভ ৰেজিষ্টাৰৰ পৰা আঁতৰোৱা হ’ব।
- নিৰ্দিষ্ট মাহৰ ম্যাদ উকলি যোৱাৰ পিছত পঞ্জীয়নৰ নৱীকৰণৰ বাবে কোনো অনুৰোধ আৰু Grace Period, কোনো পৰিস্থিতিত গ্ৰহণ কৰা নহ’ব।
Read More Article
• Health ID Card কেনেকৈ অনলাইনত আবেদন কৰিব?
• Visit Our Educational Website
https://techinassamese.com
Eusub Ali Khan is the Author & Owner of TechinAssamese.com. My name is Eusub Ali Khan as you already know, you call me a Website designer, Content writer and blogger. I completed my bachelor’s degree in B.A (Economics). I have completed my course in Computer & Enrichment. I love to share my technical knowledge with people. Thank You!