বন্ধু-বান্ধৱীসকল, আজিৰ এই প্ৰবন্ধটোত, WhatsApp ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব? সেই বিষয়ে আমি চাবলৈ গৈ আছো। গতিকে সময় নষ্ট নকৰি বলক আজিৰ এই প্ৰবন্ধটোলৈ আগবঢ়ো। এই পৃথিৱীত বসবাস কৰা প্ৰায় সকলো ব্যক্তিৰ সপোন হৈছে বহুত টকা উপাৰ্জন কৰি নিজৰ জীৱনটো ভালকৈ অতিবাহিত কৰা।

কিন্তু প্ৰায় সকলো ব্যক্তিৰ মনত এটা প্ৰশ্ন উদয় হয়, Mobile ৰ পৰা কেনেকৈ অনলাইনত টকা উপাৰ্জন কৰিব পাৰি? ইণ্টাৰনেটত এনে বহুতো অ্যাপ আছে যিয়ে আপোনাক টকা উপাৰ্জন কৰাত সহায় কৰিব পাৰে কিন্তু সেইবোৰৰ ভিতৰত বহুতোৱেই আপোনাৰ সৈতে প্ৰৱঞ্চনাও কৰিব পাৰে। সেয়েহে আপুনি প্ৰথমে সঠিক অ্যাপটো বাছনি কৰিব লাগিব।

সেইবাবে আজি আমি আপোনাৰ বাবে এটা অ্যাপ লৈ আহিছোঁ যিয়ে আপোনাক ঘৰত বহি ম’বাইলৰ পৰা টকা উপাৰ্জন কৰিবলৈ সুবিধা দিয়ে আৰু এই অ্যাপটোৰ নাম হৈছে WhatsApp।

Read More Article

Paytm ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব?

Top Money Earning Apps in Assamese 2021

গতিকে আজিৰ এই প্ৰবন্ধটোত আমি জানিবলৈ গৈ আছো, WhatsApp কি আৰু WhatsApp ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব? গতিকে যদি আপুনি অনলাইনত টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে আপুনি এই প্ৰবন্ধটো সম্পূৰ্ণকৈ পঢ়িব।

WhatsApp কি? (What is WhatsApp App?)

WhatsApp হৈছে এটা মেচেজিং অ্যাপ যিটো আমি বন্ধু-বান্ধৱী আৰু আত্মীয়সকলৰ সৈতে কথা পাতিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। WhatsApp ৰ বিভিন্ন সুবিধা আছে। আপুনি ভিডিঅ’ কলিং (Video Calling), অডিঅ’ আৰু Text ৰ জৰিয়তে আপোনাৰ যিকোনো বন্ধুৰ সৈতে কথা পাতিব পাৰে। আপুনি WhatsApp ৰ জৰিয়তে ফটো, PDF আৰু ভিডিঅ’ শ্বেয়াৰ কৰিব পাৰে।

WhatsApp Appটো জান কৌম (Jan Koum) আৰু ব্ৰায়ান এক্টনৰ (Brian Acton) দ্বাৰা বনোৱা হৈছিল কিন্তু বৰ্তমানত ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে এই অ্যাপটো ক্ৰয় কৰি লৈছে যাৰ বাবে মাৰ্ক জুকাৰবাৰ্গ বৰ্তমান হোৱাটছএপৰ মালিক (WhatsApp Owner)।

WhatsApp ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব?

বন্ধু-বান্ধৱীসকল, WhatsApp ৰ পৰা টকা উপাৰ্জন কৰাৰ কোনো নিৰ্দিষ্ট উপায় নাই কিন্তু আমি আপোনাক কিছুমান উপায় ক’ম যাৰ জৰিয়তে আপুনি WhatsApp ৰ পৰা টকা উপাৰ্জন কৰিব পাৰে। যদি আপুনি এই পদ্ধতিবোৰৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে তেনেহলে আপোনাৰ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। গতিকে আহক জানি লও এই পদ্ধতিবোৰ কি কি?

এফিলিয়েট মাৰ্কেটিং (Affiliate Marketing)

Affiliate Marketing ৰ অৰ্থ হৈছে যিকোনো কোম্পানীৰ সামগ্ৰীৰ প্ৰচাৰ কৰা অৰ্থাৎ যদি আপুনি কোনো এটা কোম্পানীৰ সামগ্ৰীৰ প্ৰচাৰ কৰি বিক্ৰী কৰে। তেনেহলে আপুনি সেই সামগ্ৰীৰ ওপৰত কমিছন প্ৰাপ্ত কৰিব।

উদাহৰণস্বৰূপে, আমাজন (Amazon) আৰু ফ্লিপকাৰ্ট (Flipkart) হৈছে আটাইতকৈ ভাল এফিলিয়েট পেল্টফৰ্ম (Best Affiliate Platform)। আপুনি আমাজন আৰু ফ্লিপকাৰ্টত আপোনাৰ এটা একাউণ্ট বনাই ইয়াৰ সামগ্ৰীবোৰ বিক্ৰী কৰি যথেষ্ট পৰিমাণৰ উপাৰ্জন কৰিব পাৰে।

আপুনি কৰিব লগা প্ৰথম কামটো হ’ল আমাজন আৰু ফ্লিপকাৰ্টত এটাকৈ এফিলিয়েট একাউণ্ট সৃষ্টি কৰা বা বনাই লোৱা আৰু আপুনি আপোনাৰ WhatsAppত বন্ধুবৰ্গৰ সৈতে সেই সামগ্ৰীৰ লিংকটো Share কৰা।

যদি আপোনাৰ এজন বন্ধুৱে আপুনি প্ৰেৰণ (Send) কৰা সামগ্ৰীৰ লিংকৰ (link) পৰা সেই সামগ্ৰীটো ক্ৰয় কৰে। তেন্তে আপুনি ইয়াৰ বাবে কমিছন প্ৰাপ্ত কৰিব আৰু এনেকৈ আপুনি WhatsApp ৰ পৰা টকা উপাৰ্জন কৰিব পাৰে।

ৰিফাৰ কৰি উপাৰ্জন কৰক (Refer & Earn)

বন্ধু-বান্ধৱীসকল, গুগল প্লেষ্টোৰত (Google Playstore) বহুতো অ্যাপ আছে যিয়ে আপোনাক ৰিফাৰ কৰি উপাৰ্জন কৰিবলৈ দিয়ে। আপুনি সেই অ্যাপবোৰ WhatsAppত আপোনাৰ বন্ধুবৰ্গক প্ৰেৰণ কৰি টকা উপাৰ্জন কৰিব পাৰে।

উদাহৰণস্বৰূপে, ফনপে (PhonePe App) অ্যাপত আপুনি ৰেফাৰ কৰি উপাৰ্জন কৰাৰ প্ৰ’গ্ৰাম দেখিব অৰ্থাৎ যদি আপুনি এই অ্যাপটো WhatsApp ত আপোনাৰ বন্ধু এজনলৈ প্ৰেৰণ কৰে আৰু যদি আপোনাৰ বন্ধুয়ে এই অ্যাপটো ইনষ্টল কৰি প্ৰথম লেনদেন (First Transaction) কৰে তেনেহলে আপুনি বিনামূলীয়া ৰিচাৰ্জ বা টকা লাভ কৰিব। বৰ্তমান ফনপেত (PhonePe) প্ৰতি ৰিফাৰত ১০০ পৰা ২০০ টকাৰ ভিতৰত পাব পাৰে।

এনেদৰে বাকী অ্যাপবোৰত আপোনাক ৰিফাৰ কৰি টকা উপাৰ্জন (Refer & Earn) কৰিবলৈ সুযোগ দিয়ে। আপুনি আপোনাৰ WhatsAppত বন্ধুবৰ্গৰ সৈতে এপ্লিকেচনবোৰৰ লিংক Share কৰি টকা উপাৰ্জন কৰিব পাৰে।

সংক্ষিপ্ত লিংকসমূহ (Short Links)

লিংক শ্বৰ্টনাৰ (Link Shortner) হৈছে WhatsAppৰ পৰা টকা উপাৰ্জন কৰাৰ এটা ভাল উপায়। Short লিংকবোৰ হৈছে সেই লিংক যিবোৰ দীঘল লিংকৰ সংক্ষিপ্ত ৰূপ। মানুহে বিজ্ঞাপন Share কৰিবলৈ এই ধৰণৰ লিংক সৃষ্টি কৰে বা বনায়।

যেতিয়া কোনোবাই এই লিংকটো ক্লিক কৰে, তেতিয়া প্ৰথমে ইয়াক বিজ্ঞাপনটো দেখুৱায় আৰু তাৰ পিছত আপোনাক হোম পৃষ্ঠালৈ (Home Page) প্ৰেৰণ কৰে। আপুনি সৰু লিংক সৃষ্টি কৰিব পাৰে আৰু ইয়াক আপোনাৰ WhatsAppত Share কৰি টকা উপাৰ্জন কৰিব পাৰে।

কিছুমান জনপ্ৰিয় লিংক শ্বৰ্টনাৰ ৱেবছাইটৰ নাম তলত উল্লেখ কৰা হ’ল-(Earn money online)

• Shorte.ST

• Adf.ly

• Ouo.IO

• ShrinkMe..io

• Clk.sh

• Gplinks.in

আপোনাৰ ব্লগলৈ ট্ৰেফিক পঠিয়াই দিয়ক (Drive Traffic to Your blog)

বহুতো ব্লগাৰ (Blogger) আছে যিয়ে WhatsApp ৰ পৰা তেওঁলোকৰ নিজৰ ব্লগলৈ ট্ৰেফিক লৈ আহে। এনেদৰে টকা উপাৰ্জন কৰিবলৈ প্ৰথমে আপোনাৰ এটা ব্লগ (Blog) থকা অত্যন্ত প্ৰয়োজন।

ব্লগিং (Blogging) হৈছে অনলাইনত টকা উপাৰ্জন কৰাৰ আটাইতকৈ ভাল বা সৰ্বশ্ৰেষ্ঠ আৰু জনপ্ৰিয় উপায় কিন্তু ব্লগ সৃষ্টি কৰাৰ পিছত ব্লগলৈ ট্ৰেফিক অনাটোও অত্যন্ত প্ৰয়োজনীয়।

ব্লগ বনোৱাৰ পিছত আপুনি সেই ব্লগত প্ৰবন্ধ (post) লিখিব লাগিব আৰু ব্লগটো গুগল এডচেঞ্চৰ (Google AdSense) সৈতে সংযোগ কৰি ৰাখিব। আপোনাৰ WhatsAppত ব্লগত লিখা প্ৰবন্ধবোৰ Share কৰি দিব পাৰে যিয়ে আপোনাৰ ব্লগত ট্ৰেফিক আনিব আৰু টকা উপাৰ্জন কৰাত আপোনাক সহায় কৰিব।

আপোনাৰ নিজৰ সামগ্ৰী বিক্ৰী কৰক (Sell your own Products)

আপুনি আপোনাৰ নিজা সামগ্ৰী এটা তৈয়াৰ কৰিব পাৰে আৰু আপুনি সেই সামগ্ৰী অতি সহজে বিক্ৰী কৰিব পাৰে। আপুনি আপোনাৰ সামগ্ৰী WhatsAppৰ জৰিয়তে Share কৰি টকা উপাৰ্জন কৰিব পাৰে।

ইয়াৰ বাবে প্ৰথমে আপুনি আপোনাৰ সামগ্ৰীটো আপোনাৰ বন্ধু-বান্ধৱী তথা আত্মীয় সকলৰ লগত WhatsAppত Share কৰিব লাগিব আৰু যদি আপোনাৰ সামগ্ৰী ভাল হয় তেন্তে নিশ্চয় আপোনাৰ বন্ধুবৰ্গই সেই সামগ্ৰীটো ক্ৰয় কৰিব।

আপোনাৰ সামগ্ৰী বিক্ৰী কৰি টকা উপাৰ্জন কৰাৰ আন এটা ভাল উপায় হ’ল আপুনি আপোনাৰ সামগ্ৰীৰ বিষয়ে এটা ব্লগ সৃষ্টি কৰা আৰু WhatsAppত সামগ্ৰীৰ লিংক Share কৰা। এনেকৈ আপুনি WhatsAppৰ জৰিয়তে টকা উপাৰ্জন কৰিব পাৰে।

WhatsApp Status ৰ সহায়ত কেনেকৈ টকা উপাৰ্জন কৰিব?

WhatsApp Status পৰা টকা উপাৰ্জন কৰিবলৈ আপুনি Whatsstatus.com ব্যৱহাৰ কৰিব লাগিব। WhatsApp Status হৈছে যথেষ্ট নিৰ্ভৰযোগ্য ৱেবছাইট। WhatsApp Status Account এটা বনাবলৈ তলত দিয়া পদক্ষেপবোৰ নিশ্চয় অনুসৰণ কৰক।

প্ৰথমে আপুনি Whatsstatus.com যাব লাগিব।

ছাইনআপ পৃষ্ঠা (SignUp page) খুলিবলৈ আপুনি “Submit Status” ক্লিক কৰক।

ইয়াৰ পিছত আপোনাৰ নাম, ই-মেইল, ফোন নম্বৰ, পাছৱৰ্ড আৰু জন্মতাৰিখ সন্নিবিষ্ট কৰক।

আপোনাৰ দেশ নিৰ্বাচন (Select your Country) কৰক।

ইয়াৰ পিছত আপুনি I agreeত ক্লিক কৰক।

” ছাইন আপ”ত ক্লিক কৰক।

ইয়াৰ পিছত আপোনাৰ ছাইনআপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰমাণীকৰণ লিংকত ক্লিক কৰক।

একাউণ্ট এটা বনাই লোৱাৰ পিছত, আপুনি দৈনিক ৱেবছাইটত Status বনাব আৰু আপলোড কৰিব লাগিব। আপোনাৰ ১০০ Status সম্পূৰ্ণ হোৱাৰ পিছত আপুনি টকা উপাৰ্জন কৰিব পাৰে।

WhatsApp Groupsৰ সহায়ত কেনেকৈ টকা উপাৰ্জন কৰিব?

বন্ধু-বান্ধৱীসকল, WhatsApp Groupsৰ‌ সহায়ত আপুনি টকা উপাৰ্জন কৰিবলৈ আপোনাৰ WhatsApp Groupsত যিমান সম্ভৱ সিমান সদস্য যোগ দিব লাগিব। কিন্তু আপুনি এইটোও জানি ৰাখক, আপুনি ২৫৬ জনৰ অধিক ব্যক্তিক WhatsApp Groupত যোগ দিব নোৱাৰে।

এতিয়া নিশ্চয় আপোনাৰ মনত এটা প্ৰশ্ন উদয় হৈছে, ইমান সদস্য ক’ত বিচাৰি পাম বা কৰ পৰা আনিম? গতিকে আপোনাক ইয়াৰ বাবে কিছুমান পৰামৰ্শ দিয়া হৈছে যিবোৰ পৰামৰ্শ আপুনি অনুসৰণ কৰিব পাৰে।

আপুনি প্ৰথমে WhatsAppত বহুতো গোট বনাই লব লাগিব।

ইয়াৰ পিছত আপুনি Admin হিচাপে প্ৰতিটো Groupৰ পৰা আপুনি ১ ৰ পৰা ২ জন বন্ধুক Admin কৰিব লাগিব।

তেওঁলোকক সেই Groupsত আপোনাৰ আন সকলো বন্ধুক যোগ দিবলৈ কওঁক।

এনেদৰে আপোনাৰ বহুতো Groups আৰু বহুতো লোক থাকিব।

এনেকৈ বহুলোকে আপোনাৰ WhatsApp Group ত যোগদান কৰিলে এই ক্ষেত্ৰত আপোনাৰ বাবে টকা উপাৰ্জন কৰাৰ বহুতো উপায় আছে। আপুনি ৰেফাৰ কৰি টকা উপাৰ্জন কৰিব পাৰে, এফিলিয়েট মাৰ্কেটিঙৰ সহায়ত টকা উপাৰ্জন কৰিব পাৰে আৰু আপোনাৰ বাবে আন বহুতো পথ মুকলি আছে যাৰ পৰা আপুনি ভাল পৰিমাণৰ টকা উপাৰ্জন কৰিব পাৰে।

Jio Phone ত WhatsApp ৰ সহায়ত কেনেকৈ টকা উপাৰ্জন কৰিব?

Jio Phone ৰ সহায়ত হোৱাটছএপত টকা উপাৰ্জন কৰিবলৈ আমি আপোনাক ওপৰত কোৱা পদ্ধতিৰ জৰিয়তে আপুনি টকা উপাৰ্জন কৰিব পাৰে। কাৰণ সেইবোৰ সকলো Jio Phone আৰু WhatsApp ৰ বাবেই উপলব্ধ।

আজি প্ৰায় বহুতো লোকে জিঅ’ ফোন ব্যৱহাৰ কৰে আৰু তেওঁলোকে সকলোৱে জিঅ’ ফোনৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে আৰু গুগলত ছাৰ্ছ (Search) কৰি থাকে, অনলাইনত কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি? (How to Earn Money Online 2021).

গতিকে আপুনি আপোনাৰ জিঅ’ ফোনৰ হোৱাটছএপৰ সহায়ত অনলাইনত টকা উপাৰ্জন কৰিব পাৰে য’ত আপুনি চেল ইয়ৰ প্ৰডাক্টচ (Sell your products), লিংক শ্বৰ্টনাৰ (Link shortner), ৰেফাৰ অ্যাপ (Refer & Earn) আৰু এফিলিয়েট মাৰ্কেটিং (Affiliate Marketing) ব্যৱহাৰ কৰিব পাৰে।

সামৰণি (Conclusion)

গতিকে বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল WhatsApp ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব? মই আশা কৰোঁ আপুনি WhatsApp ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব? বুজি পাইছে আৰু আপুনি এই প্ৰবন্ধটো ভাল পাব যদি আপুনি ভাল পায়।

আপুনি ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিব আৰু ৱেবছাইটৰ বেল ঘণ্টাও (Bell Icon) অন কৰিব যাতে আপুনি অদূৰ ভৱিষ্যতে কোনো প্ৰবন্ধ বাদ নিদিয়ে কাৰণ আমি আপোনাৰ বাবে প্ৰতিদিনে এনে সহায়ক প্ৰবন্ধ আনিছো। যদি আপোনাৰ এই প্ৰবন্ধটোত কোনো সমস্যা আছে WhatsApp ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব?, আপুনি আমাক মন্তব্য (Comment) কৰি সুধিব পাৰে, ধন্যবাদ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here